নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ কাৱৈমাৰীত ৰাজপথতে অগ্নিদগ্ধ হ’ল এম্বুলেন্স 

নিয়মীয়া বাৰ্তা, ১০ আগষ্টঃ আজি নগাঁৱৰ কাৱৈমাৰীৰ ৰাজপথত সংঘটিত হয় এক ভয়ংকৰ অগ্নি কাণ্ড। জানিব পৰা মতে কাৱৈমাৰীৰ ওচৰৰ নগাঁও ধিং সংযোগী পথৰ ওপৰতে যান্ত্ৰিক বিজুতিৰ ফলত জ্বলি উঠিল এখন এম্বুলেন্স। এম্বুলেন্স খনে ধিং দিশৰ পৰা নগাঁও অভিমুখে আহি থাকোঁতে কাৱৈমাৰীৰ ওচৰত অগ্নিদগ্ধ হয়। অগ্নিদগ্ধ এম্বুলেন্স খনৰ নম্বৰ হৈছে এ এছ ০১ জেচি ৭২২০। অগ্নিদগ্ধ বাহন খনৰ পৰা কথমপি ৰক্ষা গাড়ীখনৰ চালক আৰু ৰোগী। স্থানীয় লোকে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপিত কৰে। স্থানীয় লোক আৰু অগ্নি নিৰ্বাপক বাহিনীৰ বাবেই ঘটনাস্থলীৰ কাষতে থকা জয় পেট্ৰল দিপু সম্ভাব্য বিপদৰ পৰা ৰক্ষা পৰে।
You might also like