নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমাগত স্বাধীনতা দিৱসঃ ভাৰত-ম্যানমাৰ সীমান্তত আলফা(স্বাঃ)-এনএছচিএন(কে)ৰ ভয়ংকৰ এম্বুশ্ব

নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ আজি কাহিলি পুৱা প্ৰায় ৩ বজাত উত্তৰ পূৰ্বাঞ্চলৰ তিনি স্থানত উগ্ৰপন্থী সংগঠনে ভাৰতীয় সেনাৰ শিবিৰত ভয়ংকৰ এম্বছৰে ঘটনা সংঘটিত কৰে। দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বে নিজৰ সাংগঠনিক শক্তি প্ৰদৰ্শন কৰিবলৈ উঠি পৰি লাগিছে আলফা (স্বা) আৰু এন এছ চি এন (কে)। ইতিমধ্যে দুয়োটা বিদ্ৰোহী সংগঠনে আগন্তুক স্বাধীনতা দিৱস বৰ্জন কৰি সৰ্বাত্মক বন্ধ ঘোষণা কৰাৰ পিছতেই মঙ্গলবাৰে পুৱা ৩ বজাত ১৯ আছাম ৰাইফলছ শিবিৰত ভয়ংকৰ এম্বুশ্ব সংঘটিত কৰে। ঘটনাৰ প্ৰাপ্ত তথ্য অনুসৰি ভাৰত ম্যানমাৰ সীমান্তৰ পাংচু পাছৰ পৰা ১২ কিলোমিটাৰ নিলগত অৱস্থিত ১৯নং আছাম ৰাইফলৰ তিনিটাকৈ শিবিৰত আলফা স্বাধীন আৰু এন এছ চি এন (কে)য়ে সন্মিলিত ভাৱে আক্ৰমণ চলায়। বিদ্ৰোহী সংগঠনটোৰ প্ৰায় ১০/১৫ দল এটাই হাতে হাতে মৰ্টাৰ ,আৰ পি জি আদি অত্যাধুনিক মাৰণাস্ত্ৰৰে সংঘটিত কৰে এই আক্ৰমণ। দুয়োটা বিদ্ৰোহী সংগঠনৰ যৌথ আক্ৰমণত আছাম ৰাইফলৰ এজন জোৱান নিহত আৰু এজন জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে অৱশ্যে সেনা বাহিনীৰ ফালৰ পৰা জোৱান নিহত হোৱাৰ কথা অস্বীকাৰ কৰা লগতে নায়ক কৰ্ণেল সিং আহত হোৱা বুলিহে দাবী কৰিছে। পাংছু পাছৰ পিছতে আলফা স্বাধীন আৰু এন এছ চি এন(কে)ই অৰুণাচলৰ টিৰাপ জিলাৰ খুনছাৰ সমীপৰ নংনো বস্তিত দ্বিতীয়টো এম্বুশ্ব সংঘটিত কৰা চেষ্টা চলায়। অৱশ্যে বিদ্ৰোহী দলটোৰ অৱস্থিতিৰ উমান পাই আছাম ৰাইফলৰ জোৱানে গুলি বৰ্ষণ কৰাত দলটো ঘটনা স্থলীৰ পৰা আতৰি যায়। ইফালে নাগালেণ্ডৰ চিৰামাটিতো আছাম ৰাইফলৰ ওপৰত আলফা স্বাধীন আৰু এন এছ চি এন (কে)ই যৌথ আক্ৰমণ চলায়। এই আক্ৰমণতো তিনিজন জোৱান আহত হোৱাৰ খবৰ পোৱা গৈছে। আজি পুৱাৰ ভাগত বিদ্ৰোহী গোটে সংঘটিত কৰা তিনিওটা আক্ৰমণৰ সন্দৰ্ভত ভাৰতীয় সেনা অথবা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা কোনো ধৰণৰ আনুষ্ঠানিক বিবৃতি বাতৰি লিখা পৰলৈকে জাৰি কৰা নাই । পাংচুপাচৰ ভয়াবহ এম্বুশ্বৰ পিছতে নাংপুৰ পৰা ভাৰত-ম্যানমাৰ সংযোগী পথ সেনাই সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিছে। সেনাই নাংপু গেটৰ পৰা সাংবাদিক, সাধাৰণ নাগৰিক আনকি অৰ্ধ সামৰিক লোকৰ প্ৰবেশতো বাধা আৰোপ কৰে। উল্লেখযোগ্য ‌যে ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এইবাৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক কাৰ্যসূচী ৰূপায়ন কৰি ব্যাপক প্ৰস্তুতি চলোৱাৰ মাজতে বিদ্ৰোহী গোটৰ এনে সমৰ প্ৰস্তুতিয়ে সেনা আৰক্ষীৰ লগতে, সৰ্ব সাধাৰণ লোককো শংকিত কৰি তোলা পৰিলক্ষিত হৈছে। উল্লেখ যে কভিড মহামাৰি বাবে দুটা বছৰ উগ্ৰপন্থী সংগঠন আলফা( স্বাঃ) এক পক্ষীয় যুদ্ধ বিৰিত ৰাখিছিল। ইয়াৰ পাছতে কিছু দিন পূৰ্বে কাকপথাৰত অসম আৰক্ষী আৰু ভাৰতীয়।সেনাৰ আক্ৰামনত জ্ঞান অসম নিহত হৈছিল। ইয়াৰ পাছতেই আলফা স্বাধীনৰ আজিৰ ভয়ংকৰ আক্ৰমণে বিশেষ তাপৰ্য্য বহন কৰিছে। অন্যহাতে আজি পুৱা ঘটনাস্থলিৰ দিশে ৩ খন এম্বুলেঞ্চ আৰু বৃহৎ সেনাৰ দল ৰাওনা হয়। ইতিমধ্যে ভাৰত ম্যানমাৰ সীমান্ত অৰুনাচল প্ৰদেশৰ সীমান্তবৰ্তী অঞ্চল সমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলা লগতে উগ্ৰপন্থী দলটোৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। বাতৰি লেখা সময়লৈকে উগ্ৰপন্থী সংগঠনৰ ফালৰ পৰাও কোনো ধৰণৰ প্ৰেছৰিলিজ লাভ কৰিবলৈ সক্ষম হোৱা নাই। আজি ঘটনাৰ পাছতেই অসম অৰুণাচলৰ সীমামুৰীয়া অঞ্চল সমূহতো অসম আৰক্ষীয়ে নিৰাপত্ত ব্যৱস্থা কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে।

প্ৰেৰক মানসপ্ৰতিম গগৈ

You might also like