নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভট্টদেব বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক গুৰুপ্ৰসাদ খাটনিয়াৰক নিলম্বন 

নিয়মীয়া বাৰ্তা, ১০ আগষ্টঃ ঠিকাদাৰৰ পৰা ৫০ হাজাৰ টকা উৎকোচ লৈ দূৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হোৱা বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ গুৰুপ্ৰসাদ খাটনিয়াৰক মঙলবাৰে বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ড৹ বিৰিঞ্চি কুমাৰ দাসে এক নিৰ্দেশ যোগে তৎকালীন ভাৱে চাকৰিৰ পৰা নিলম্বন কৰে। আনহাতে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞাণ বিভাগৰ সহযোগী অধ্যাপক মনোজ কুমাৰ দাসক বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক হিচাপে নিযুক্তি প্ৰদান কৰে।
You might also like