নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ ৰত্নকান্ত বৰকাকতি হাইস্কুলত গতি অসমৰ জীৱনী গ্ৰন্থমেলা

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ:   সামাজিক- সাংস্কৃতিক অনুষ্ঠান গতি অসমে শেহতীয়াকৈ আহোমৰ প্ৰথমগৰাকী স্বৰ্গদেউ চুকাফাৰ পৰা আৰম্ভ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱকে প্ৰমুখ্য কৰি অৰণ্য মানৱ যাদৱ পায়েংলৈকে অসমৰ এশ গৰাকী বৰেণ্য ব্যক্তিৰ চমু জীৱনী গ্ৰন্হ প্ৰকাশেৰে শিশু আৰু যুৱচামক অসমৰ বৰেণ্য ব্যক্তিসকলৰ লগত পৰিচয় কৰাই দিয়াৰ প্ৰচেষ্টা গ্ৰহণ কৰে। আজি নগাঁও চহৰৰ পূৱ আমোলাপট্টি স্হিত ৰত্নকান্ত বৰকাকতি হাইস্কুলত গতি অসম আৰু চিন্তামনি প্ৰকাশনৰ উদ্যোগত এখনি জীৱনী গ্ৰন্হমেলা অনুষ্ঠিত হয়। ছাত্ৰ-ছাত্ৰীসকলক গ্ৰন্হৰ মনোৰম জগতত প্রৱেশ কৰাই দিয়াৰ প্ৰয়াসেৰে আয়োজন কৰা এই গ্ৰন্হমেলাত ৰত্নকান্ত বৰকাকতি হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী তৃষ্ণা বৰাই উপস্থিত লোকসকলক আদৰণি জনায়। আনহাতে গতি অসমৰ সম্পাদক অনুভৱ পৰাশৰে ১৯৯৭ চনৰ ৩ মে’ত জন্ম লাভ কৰা সামাজিক-সাংস্কৃতিক অনুষ্ঠান গতি অসমে শিশু আৰু চেমনীয়াসকলৰ বৌদ্ধিক বিকাশৰ বাবে গ্ৰহণ কৰি অহা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰাৰ লগতে চলিত বৰ্ষৰ মে’ মাহত অসমৰ এশগৰাকী বৰেণ্য ব্যক্তিৰ জীৱনীক সামৰি অসমৰ এশগৰাকী লেখকে ৰচনা কৰা এশখন জীৱনী গ্ৰন্হ প্ৰকাশ কৰাৰ বিষয়ে জানিবলৈ দিয়ে । উক্ত জীৱনী গ্ৰন্হ সমূহৰ জৰিয়তে অসমৰ বৰেণ্য ব্যক্তি সকলক শিশু আৰু ছাত্ৰ-ছাত্ৰী সকলৰ লগত পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে গতি অসমে ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত জীৱনী গ্ৰন্হ মেলা অনুষ্ঠিত কৰি অহাৰ বিষয়েও পৰাশৰে জানিবলৈ দিয়ে । এদিনীয়াকৈ অনুষ্ঠিত জীৱনী গ্ৰন্হমেলাত অংশ লৈ সাংবাদিক জিতেন বৰকটকী, ৰণাংগন আলোচনীৰ সম্পাদক মিন্টু দাস, ৰত্নকান্ত বৰকাকতি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী তথা লেখিকা উৰ্মিলা বৰুৱা, অপৰাজিতা ফুকনে আদিয়ে গতি অসমৰ এনে প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে এই জীৱনীমূলক গ্ৰন্হসমূহৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল উপকৃত হব বুলি আশা প্ৰকাশ কৰে । বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্রী তৃষ্ণা বৰাই ৰত্নকান্ত বৰকাকতি হাইস্কুলত জীৱনী গ্ৰন্হমেলা অনুষ্ঠিত কৰাৰ বাবে গতি অসমৰ বিষয়ববীয়া সকলক ধন্যবাদ জ্ঞাপন কৰে । নগাঁও জিলাত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত গতি অসমৰ জীৱনী গ্ৰন্হমেলাত ৰত্নকান্ত বৰকাকতি হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্রী আৰু ছাত্ৰ-ছাত্ৰী সকলে আশানুৰূপ সঁহাৰি জনোৱা পৰিলক্ষিত হয় ।

You might also like