নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত সাৰ বিক্রীৰ নামত লুণ্ঠনৰাজ

চৰকাৰী সা–সুবিধাৰ পৰাবঞ্চিত প্রকৃত কৃষক

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ নলবাৰী জিলাৰ কৃষক বজাৰৰ পৰা সাৰ ক্রয়ৰ নামত ত্রাহি মধুসূদন সুঁৱৰিব লগা হৈছে ৷ ৰাজ্যৰ কৃষকসকলক চৰকাৰে বিভিন্ন শিতানৰ জৰিয়তে চৰকাৰী সাহায্য প্রদানেৰে সকাহ দিবলৈ কৃষি বিভাগে ভালেমান আঁচনি প্রৱর্তন কৰা দেখুৱাই আহিছে যদিও বাস্তৱ ক্ষেত্রত প্রকৃত কৃষকে ইয়াৰ পৰা উপকৃত হোৱা নাই ৷ ইয়াৰ বিপৰীতে কৃষি বিভাগৰ মধ্যভোগী সদৃশ তথাকথিত কৃষকে প্রকৃত কৃষকক বঞ্চিত কৰি লাভান্বিত হোৱাৰহে অভিযোগ উত্থাপন হৈছে ৷ নলবাৰী জিলা কৃষি বিভাগত কৃষকৰ আঁচনিৰ নামত বিয়াগোম দুর্নীতি, অনিয়ম সংঘটিত হৈ থকাৰ পৰিপ্রেক্ষিতত কৃষকে সাৰ–বীজখিনিও চৰকাৰৰ পৰা লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ যাৰ পৰিণতিত প্রতিটো কৃষি বতৰত কৃষকসকলে বজাৰৰ পৰা সাৰ–বীজ ক্রয় কৰি থাকিবলগা হৈছে আৰু ইয়াৰ পূর্ণ সুযোগ গ্রহণ কৰি নলবাৰী কৃষি বিভাগৰ ছত্রছায়াত এক অসাধু ব্যৱসায়ী চক্রই জিলাখনৰ কৃষকসকলৰ ওপৰত মাধমাৰ শোধাই সাৰৰ এক বৃহৎ চক্রই লুণ্ঠনৰাজ চলোৱাৰ অভিযোগ উঠিছে ৷

মন কৰিবলগীয়া যে খেতিৰ বাবে অতি প্রয়োজনীয় ইউৰিয়া ৰাসায়নিক সাৰবিধৰ ওপৰতে চক্রটোৱে ছিণ্ডিকেট বহুৱাই লুণ্ঠনৰাজ চলোৱাৰ অভিযোগ উঠিছে ৷ প্রাপ্ত অভিযোগ মতে, নামৰূপৰ ব্রহ্মপুত্র ভেলী ফার্টিলাইজাৰ কর্প’ৰেচন নামৰ কোম্পানীটোৱে ইউৰিয়া সাৰৰ ওপৰত বৃহৎ ছিণ্ডিকেট চলাই মাধমাৰ শোধাই আহিছে কৃষকক ৷ জানিব পৰা মতে, উক্ত কোম্পানীটোৰ অনুমোদিত দুখনকৈ বীজ ভাণ্ডাৰ তথা সাৰ বিক্রী কৰা ডীলাৰ নলবাৰীত আছে৷ এই অনুমোদিত বীজ ভাণ্ডাৰ দুখনে জিলাখনৰ সাৰৰ দোকানবোৰত বিক্রীৰ বাবে সাৰ–বীজ যোগান ধৰে ৷

ইপিনে, জিলা কৃষি বিভাগৰ কৃপাত জিলাখনৰ য’তে–ত’তে গঢ়ি উঠিছে বীজ ভাণ্ডাৰ নামধাৰী সাৰৰ দোকান৷ সাৰ কোম্পানীৰ অনুমোদিত ডীলাৰ দুখনৰ লগতে আটাইবোৰবীজ–ভাণ্ডাৰে জধে–মধে সাৰৰ মূল্য লৈ কৃষকক মাধমাৰ শোধাই আহিছে ৷ জানিব পৰা মতে, কোম্পানীয়ে ৪৫ কেজি বেগৰ ইউৰিয়া সাৰৰ এম আৰ পি লিখা থাকে ২৬৬ টকা ৷ প্রতিষ্ঠানসমূহে এম আৰ পি দামত বিক্রী কৰিও লাভান্বিত হ’ব পাৰে ৷ কিন্তু তাতোকৈ বেছি মূল্যত সাৰৰ বেগ বিক্রী কৰিব নোৱাৰে ৷ নলবাৰী জিলাত প্রতিবেগ ইউৰিয়া সাৰ (৪৫) কেজি বিক্রী হৈ আছে ৬০০ পৰা ৮০০ পর্যন্ত দৰত ৷

প্রণিধানযোগ্য যে যোৱা ২২ অক্টোবৰত নলবাৰী কৃষি বিজ্ঞান কেন্দ্রত সাৰ প্রয়োগ সন্দর্ভত জিলাখনৰ কৃষকসকলৰ এখন বিশেষ সজাগতা সভা অনুষ্ঠিত হয় ৷ এই সভাত উপস্থিত থকা ব্রহ্মপুত্র ভেলী ফার্টিলাইজাৰ কর্প’ৰেচন নামৰ সাৰ কোম্পানীটোৰ বিপণন বিষয়া বৈকুণ্ঠ শর্মাক জিলাখনৰ কৃষকসকলে ইউৰিয়া সাৰ ৪০০–৫০০ টকা অধিক মূল্যত কিনি থকা বুলি জনোৱাত জিলাখনৰ সাৰ বিক্রীৰ নামত সংঘটিত হৈ থকা এই ভয়াৱহ ছবি উন্মোচিত কৰি দিয়ে৷ সাৰ কোম্পানীৰ এম আৰ পি মূল্যতকৈ বেছি দাম নিদিবলৈ আহ্বান জনায় বিষয়াগৰাকীয়ে ৷

You might also like