নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাওবৈচাত উন্নয়নৰ ফোপোলা ছবি: ফুলবাৰী ধেমাগড়বাসীয়ে আজিও অব্যাহত ৰাখিছে বিধ্বস্ত বাঁহৰ দলঙৰে যাতায়ত

 

নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ এই ডিজিটেল ইণ্ডিয়াৰ যুগটো ৰাজ্যত পৰিস্ফূট হৈছে উন্নয়নৰ ফোঁপোলা স্বৰূপ। এই ফোঁপোলা স্বৰূপ এইবাৰ পৰিস্ফূট হৈছে লখিমপুৰ জিলাৰ ১১০নং নাওবৈচা সমষ্টিৰ ফুলবাৰী পঞ্চায়তৰ অধীনস্থ ধেমাগড় গাঁৱত। যোৱা পাঁচ ছয় বছৰে বিধ্বস্ত বাঁহৰ দলঙৰে যাতায়তৰ অব্যাহত ৰাখিছে গাঁওখনৰ ৰাইজে। উৱলিযোৱা বাঁহৰ দলঙৰে অহা যোৱা কৰিছে গাঁওখনৰ কণ কণ ছাত্ৰ ছাত্ৰীয়ে।  ৰোগীক  নিবলৈ নাহে এম্বুলেন্স ।  উল্লেখযোগ্য যে   পাঁচ -ছয়  বছৰৰ পূৰ্বে পাভনদীৰ  মথাউৰি চিগাৰ লগতে গাঁওখনৰ মাজৰে যোৱা পথটো ওপৰত  থকা  কালৰ্ভাট চিঙি নিয়ে ৷ ইয়াৰ পাছৰে পৰাই গাঁওখনৰ এটা স্থানৰ পৰা আনটো স্থানলৈ যাতায়াত কৰাত ব্যাহত হৈ পৰে । আনকি জৰুৰী অৱস্থাৰ সময়ত এখন উদ্ধাৰকাৰী বাহনো আহিব নোৱাৰে উক্ত স্থানলৈ ৷এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অৱগত কৰাৰ স্বত্বেও কোনো সুফল লাভ নকৰিলে অঞ্চলটোৰ ৰাইজে ৷  প্ৰকাশযোগ্য যে গাঁওবাসীয়ে বহু বাৰ আবেদন নিবেদন কৰাৰ পিছত বিগত ২০১৯-২০ বৰ্ষত ফুলবাৰী গাঁও পঞ্চায়তৰ যোগেদি চতুৰ্দশ বিত্তীয় আয়োগৰ পুঁজিৰে কালভাৰ্টটো নিৰ্মান কৰিবলৈ ৯ লাখ টকাৰ আবন্টন দিছিল। পৰিতাপৰ বিষয় যে পঞ্চায়তখনৰ সভানেত্ৰী সেৱীকা বৰা আৰু কালভাৰ্টটো নিৰ্মানকাৰী দালাল চক্ৰটোৱে কালভাৰ্টটো সম্পূৰ্ণকৈ নিৰ্মান নকৰি ৯ লাখ টকা আত্মসাৎ কৰাৰ বাবে গাঁওবাসীয়ে নিজেই কালভাৰ্টটো ওপৰত বাঁহৰ দলংসাজি ইপাৰ সিপাৰ কৰি থাকিব লগীয়া হৈছে বুলি অভিযোগ কৰে। গাঁওবাসীয়ে অভিযোগ কৰা মতে পঞ্চায়ত সভানেত্ৰী সেৱীকা বৰা আৰু দালাল চক্ৰটোৱে কালভাৰ্টটো নিৰ্মাণৰ নামত কেৱল তলৰ অংশ নিৰ্মান কৰিয়েই ৯লাখ টকা আত্মসাৎ কৰে। এই সম্পৰ্কত গাঁওখনৰ ৰাইজে পঞ্চায়ত সভানেত্ৰী অৱগত কৰাত কালভাৰ্টটো নিৰ্মাণ কৰি দিব বুলি কোৱাৰ পিছতো আজি দুটা বছৰে তেনেকৈ পেলাই থলে। বিশেষকৈ গাঁওখনৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলে মৰণত শৰণ দি ভঙা বাঁহৰ দলঙৰে অহা যোৱা কৰি আহিছে যদিও পঞ্চায়ত কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাত গাঁওবাসী  অধিক ক্ষুব্ধ হৈ পৰিছে। শেষত উপায় বিহীন হৈ সংবাদ মাধ্যমৰ যোগেদি গাঁও খনৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলে হিমন্ত মামাৰ সহায় ভিক্ষা মাগিছে। গাঁওখনৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলে “হিমন্ত মামা আমাৰ দলঙখন বনাই দিয়াৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰক বুলি  সংবাদ মাধ্যমৰ যোগেদি সকলোৰে মৰমৰ মামা মুখ্যমন্ত্ৰী গৰাকীক আকুল আহ্বান জনাইছে  ।
You might also like