নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেহৰুবালিত ৪ দিনীয়া ভোগালী উৎসৱ; দুশ জ্যেষ্ঠ নাগৰিকক প্রদান কৰিব বিশেষ সন্মান

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ নগাঁও চহৰৰ কলঙৰ বাকৰি ঐতিহ্যমণ্ডিত নেহৰুবালিত ১৪ জানুৱাৰীৰ পৰা ৪দিনীয়া এক বর্ণাঢ়্য কার্যসূচীৰে সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতিক উদ্যোগত ১০৭ সংখ্যক ভোগালী বিহু উৎসৱ উদ্যাপিত হ’ব৷

দেওবাৰে নগাঁৱৰ শ্বহীদ ভৱনত আয়োজিত এক সংবাদ মেলত নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা বিহু উদ্যাপন সমিতিৰ কার্যকৰী সভাপতি ৰূপক শর্মাই কয় যে ১৯১৩ চনৰ পৰা ভোগৰ উৎসৱ ভোগালী বিহুটি নগঞা ৰাইজে পৰম্পৰা আৰু ঐতিহ্য ৰক্ষা কৰি নেহৰুবালিত উদ্যাপন কৰি আহিছে৷ এইবাৰো চাৰিদিনীয়াকৈ ভোগালী বিহুটি উদ্যাপনৰ বাবে সকলো প্রস্তুতি সম্পূর্ণ কৰি তোলা হৈছে৷

বিধায়ক শর্মাই জানিবলৈ দিয়া মতে ১৪ জানুৱাৰী সন্ধিয়া ভেলাঘৰত নাম–কীর্তনেৰে চাৰিদিনীয়া কার্যসূচীৰ শুভাৰম্ভ কৰা হ’ব৷ ১৫ জানুৱাৰী পুৱা ৰাজ্যিক শিশু আৰু নাৰী গৃহৰ লগতে শ্রীমন্ত শংকৰ মিছনত বিহুৰ জলপান বিতৰণ কৰাৰ পাছত মেজি প্রজ্বলন কৰা হ’ব৷ এই অনুষ্ঠানতে বিহু সমিতিয়ে প্রকাশ কৰা স্মৃতিগ্রন্থখন উন্মোচন কৰিব বিধায়ক শর্মাই৷ সেইদিনাই আত্মসহায়ক গোটৰ বিপণী মুকলি কৰিব নগাঁৱৰ উপায়ুক্ত যাদৱ শইকীয়াই৷ বিহু উৎসৱৰ অন্যান্য কার্যসূচীৰ লগতে কণ–কণ ল’ৰা ছোৱালীৰ মাজত কুইজ, খেল–ধেমালি, চিত্রাংকন, আবৃত্তি, ৰাভা সংগীত, জ্যোতি সংগীত, ভূপেন্দ্র সংগীত প্রতিযোগিতাৰ লগতে মহিলাৰ পিঠা–পনা প্রতিযোগিতা, টাইকোৱানডো প্রতিযোগিতা আৰু কেৰম প্রতিযোগিতা অনুষ্ঠিত হ’ব৷ উৎসৱৰ আটাইকেইদিনৰ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব৷

সাংস্কৃতিক অনুষ্ঠানত কণ্ঠশিল্পী মণ্টুমণি, ৰূপাংকৃতা–লংকৃতা, প্রতীক্ষা ডেকা, কৃষ্ণমণি নাথৰ উপৰি বহুকেইগৰাকী বিশিষ্ট শিল্পীয়ে অংশগ্রহণ কৰিব৷

১৫ জানুৱাৰী পুৱা পতাকা উত্তোলনস্থলীত ২০০গৰাকী বিশিষ্ট জ্যেষ্ঠ নাগৰিকক বিহুৰ সন্মান জনোৱা হ’ব৷ তদুপৰি, ১০গৰাকী বিশিষ্ট ব্যক্তিয়ে বিহুৰ মেজি প্রজ্বলন কৰিব৷

You might also like