পবিতৰা অভয়াৰণ্যলৈ অহা বিদেশী পর্যটকৰ স্বাস্থ্য পৰীক্ষা বাধ্যতামূলক
নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ ক’ৰোনা ভাইৰাছ সম্পর্কত সজাগতা অভিযান চলোৱাৰ উদ্দেশ্যে শনিবাৰে মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰাৰ উপস্থিতিত জিলা প্রশাসন, আৰক্ষী প্রশাসন, স্বাস্থ্য বিভাগ, সমাজ কল্যাণ বিভাগ, পৰিবহণ বিভাগ আদিৰ মুৰব্বী বিষয়াসকলক লৈ এখন জৰুৰী সভা অনুষ্ঠিত হয়৷ সভাত উপায়ুক্ত ঋতুৰাজ বৰাই ক’ৰোনা ভাইৰাছত যাতে মৰিগাঁও জিলাৰ কোনো লোক আক্রান্ত হ’বলগীয়া নহয়, তাৰ বাবে প্রয়োজনীয় সকলো প্রতিৰোধমূলক ব্যৱস্থা গ্রহণৰ নির্দেশ দিয়ে৷
আনহাতে, এশিঙীয়া গঁড়ৰ বিচৰণ ভূমি পবিতৰা অভয়াৰণ্য পৰিদর্শন কৰিবলৈ অহা প্রতিজন বিদেশী পর্যটকৰ যাৱতীয় স্বাস্থ্য পৰীক্ষা বাধ্যতামূলক কৰাৰ কথা ঘোষণা কৰে জিলা উপায়ুক্ত ঋতুৰাজ বৰাই৷ পবিতৰা অভয়াৰণ্য চৌহদত তাৎক্ষণিকভাৱে কালিৰে পৰা এটা বিশেষ মেডিকেল টীম নিযুক্ত কৰা হৈছে৷ জিলা উপায়ুক্ত বৰাই মৰিগাঁওবাসীক আতংকিত নহ’বৰ বাবে আৰু জনসমাগম বা ৰাজহুৱা সভা–সমিতি আদি পৰাপক্ষত অনুষ্ঠিত নকৰিবলৈ আহ্বান জনায়৷ সভাত উপস্থিত থকা জিলা আৰক্ষী অধীক্ষক স্বপ্ণনীল ডেকাই কয় যে মৰিগাঁও জিলাৰ প্রতিখন আৰক্ষী থানাকে সজাগ আৰু সতর্ক হৈ থাকিবলৈ নির্দেশ দিয়া হৈছে৷ উল্লেখ্য যে মৰিগাঁৱত অনুষ্ঠিত এক্সপ’ অনির্দিষ্ট কাললৈ স্থগিত ৰখাৰ নির্দেশ দিছে জিলা প্রশাসনে৷