নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত পঞ্চায়ত গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসৰ তিনিটাকৈ কাৰ্যসূচীত অংশগ্ৰহণ

 

নিয়মীয়া বাৰ্তা;৫ মাৰ্চ:-কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ ৬৯ নং দক্ষিন পশ্চিম বকো গাওঁ পঞ্চায়তত দেওঁবাৰে এখনি পৰ্যালোচনা সভা অনুষ্ঠিত হয়।এই পৰ্যালোচনা সভাত পঞ্চায়ত গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে উপস্থিত হৈ পঞ্চায়তটোৰ অধীনত চলি থকা সকলোবোৰ কামৰ অগ্ৰগতিৰ বুজ লৈ আৰু প্ৰয়োজনীয় কিছু পৰিকল্পনা যুগুত কৰিব বুলি জানিবলৈ দিয়ে।এই সভাত মন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে বকো খণ্ড উন্নয়ন বিষয়া গংগোত্ৰী নেওঁগ,দক্ষিণ-পশ্চিম বকো গাঁও পঞ্চায়তৰ সভানেত্ৰী দিপালী ৰাভা,জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কাকতী,বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দিৱস বৰদলৈ,আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী মঞ্জু বড়োৰ লগতে গ্ৰাম ৰোজগাৰ সেৱককে আদি কৰি গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ নিৰ্বাচিত সদস্যসকল উপস্থিত থাকে।ইয়াৰ পিছতে মন্ত্ৰী গৰাকীয়ে বকো গান্ধী মৈদানত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহন কৰে।ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত মন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী মুন চৰ্ণকাৰ, ৰাজ্যিক উপ সভাপতি জয়ন্ত কুমাৰ দাস,দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰ,পলাশবাৰীৰ জনপ্ৰিয় বিধায়ক হেমাংগ ঠাকুৰীয়াৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অনুসূচিত জাতি মৰ্চাৰ বিষয়ববীয়া সকল।মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কয় যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তাই আমাৰ চৰকাৰৰ একোজন মুখপাত্ৰ হিচাপে কাম কৰিব লাগে আৰু আমাৰ চৰকাৰৰ বিভিন্ন কাম কাজ;আঁচনি সমূহ ৰাইজৰ মাজত প্ৰচাৰ কৰিব লাগে।ইয়াৰ সমান্তৰালকৈ মন্ত্ৰীগৰাকীয়ে বকোত শেষৰটো কাৰ্যসূচী বকো খণ্ড উন্নয়ন কাৰ্যালয় পৰিদৰ্শন কৰে।মন্ত্ৰী গৰাকীয়ে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় পৰিদৰ্শন কৰি কাৰ্যালয়টোৰ বিভিন্ন অভাৱ অভিযোগ, অসুবিধা আৰু কাম কাজৰ অগ্ৰগতিৰ বুজ লয় আৰু কাৰ্যালয়টোৰ অধীনত চলি থকা আঁচনি সমূহ সূচাৰুৰূপে চলি আছে নে নাই বুজ লয়।এই পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীক সংগ দিয়ে পলাশবাৰী সমষ্টিৰ জনপ্ৰিয় বিধায়ক হেমাংগ ঠাকুৰীয়া,বকো খণ্ড উন্নয়ন বিষয়া গংগোত্ৰী নেওঁগ আৰু বিভাগীয় বহুকেইজন বিষয়াই।

প্ৰেৰক‌ – ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়নৰ প্ৰতিবেদন

You might also like