নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সাৰ  আঙুলীয়াত  সন্ধিয়াতে  চোৰে লুটি নিলে নগত ধনৰ লগতে আ-অলংকাৰ

নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰ ঃ  বাক্সাৰ জালাহ ৰাজহ চক্ৰৰ অন্তৰ্গত   আঙুলীয়াত আজি  চোৰে এঘৰ মানুহৰ ঘৰৰপৰা  নগদ ধনৰ  লগতে  লক্ষাধিক টকাৰ  সোণৰ অলংকাৰ লৈ যায়  । পাঠশালা – ভূটান সংযোগী তথা ১২৭(ক) নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত ফুট গধূলিতে আঙুলীয়া নিবাসী   মালতী মেধীৰ  ঘৰত সংঘটিত হয় চুৰি কাণ্ড । ঘৰত কোনো ব্যক্তি নথকা সময়ৰ সুযোগ লৈ ঘৰৰ পিছফালৰ দুৱাৰ ভাঙি  চোৰে ঘৰৰ ভিতৰত সোমাই গদৰেজ ভাঙি  নগদ ধনৰ লগতে লক্ষাধিক টকাৰ সোণৰ আ -অলংকাৰ লৈ যায় বুলি ঘৰৰ গৰাকীয়ে কয় ।  ইতিমধ্যে ঘটনা সন্দৰ্ভত স্থানীয়  আৰক্ষী চকীত অৱগত কৰাৰ পিছত আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে ।  উল্লেখ্য যে যোৱা ৭ নবেম্বৰটো এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ সমীপতে থকা  বজালীৰ বাঘমাৰাত এজন অধ্যাপকৰ ঘৰত ঘৰত কোনো নথকাৰ সুযোগত চুৰি কাৰ্য সংঘটিত হৈছিল ।                                                     

input: দিগন্ত দাস , জালাহ

You might also like