নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰিষাৰ পূৰ্বেই নাওবৈচা পকণীয়াঘাটত সোৱণশিৰিৰ তীব্র খহনীয়া

  • নদীত জাহ গল অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ বাৰী -সম্পত্তি :
  • নিচিহ্ন হোৱাৰ দিশে ঐতিহাসিক পাভ বনাঞ্চল 
  • খহনীয়া প্ৰতিৰোধ নকৰিলে আন্দোলন গঢ়ি তুলিব পশ্চিম ৰঙানদী টিএমপিকে 
নিয়মীয়া বাৰ্তা, ১৪ মার্চ: প্ৰতিটো বাৰিষাতে সোৱণশিৰিৰ জলপ্ৰলয়ত দিক বিদিক হেৰুৱাই এমুঠি অন্ন বস্ত্ৰ বাসস্থান অভাৱত সীমাহীন দুৰ্যোগৰ মাজেৰে কোনোমতে নিজৰ প্ৰাণ কেইটা বচাই থকা পকণীয়া ঘাটৰ অৰ্দ্ধ শতাধিক পৰিয়ালৰ মাজলৈ বাৰিষা নহাৰ আগতেই পুনৰ ভূতৰ ওপৰত দানহ পৰাদি নদীখনৰ তীব্র খহনীয়াই পৰিয়ালকেইটালৈ ঘোৰ অন্ধকাৰ নমাই আনিছে। যি সময়ত সোৱণশিৰি ভয়ঙ্কৰ খহনীয়াই অৰ্দ্ধ শতাধিক পৰিয়ালৰ ঘৰ বাৰী উচন কৰি ইখনৰ পিছত সিখন গাঁও নিঃশেষ কৰি  শ-শ হেক্টৰ ঐতিহাসিক পাভ বনাঞ্চলৰ ভূমি নদীখনৰ বুকুত জাহ গৈ নিশ্চিহ্ন হোৱাৰ দিশে আগবাঢ়িছে তেনে সময়তো যেন গা নলৰে লখিমপুৰ জলসম্পদ বিভাগৰ। এসময়ৰ সোন কমোৱা সোৱণশিৰিৰ ভয়াবহ খহনীয়াৰ কৰুণ দৃশ্য দেখি এতিয়া নীৰৱে চকুলো টুকিছে অসহায় নদীপৰীয়া ৰাইজ।সোৱণশিৰিৰ খহনীয়াৰ কৱলত পৰি ইতিমধ্যে নাওবৈচা আৰু লখিমপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পমুৱা খাবলু,নামেচুক, কাৱৈভুৰুকা,পকণীয়াঘাটৰ বিস্তীণ এলেকাৰ কৃষিভূমি ,ঘৰবাৰী নদীখনৰ বুকুত উচন হৈছে। ১৯৯৯-২০০০ চনৰ পৰা হোৱা সোৱণশিৰি ভয়াবহ খহনীয়া আৰম্ভ হোৱাৰে পৰা বৰ্তমানলৈকে নদীখনৰ গ্ৰাসত পৰিছে শ-শ হেক্টৰৰ পাভ বনাঞ্চলৰ ভূমি। যাৰ বাবে এসময়ৰ বনৰীয়া মহৰ বাবে পৃথিৱীখ্যাত বনাঞ্চলখনৰ অস্তিত্বৰ সংকটলৈ ঠেলি দিছে। ফলস্বৰূপে সোৱণশিৰি খহনীয়াই ভয়ঙ্কৰ ৰূপ ধাৰণ কৰা পকণীয়াঘাট পমুৱাখাবলু অংশত জলসম্পদ বিভাগে গ্ৰহণ কৰা স্থিতিয়ে নদীপৰীয়া ৰাইজক বিতুষ্ঠ কৰি তুলিছে। ইপিনে নদীখনৰ তীব্র  খহনীয়াই সম্প্ৰতি নাওবৈচা ৰাজহ চক্ৰৰ প্ৰায় লক্ষাধিক জনতাৰ ৰক্ষাকৱচ স্বৰূপ সোঁপাৰৰ মথাউৰিটোলৈ অশনি সংকেত কঢ়িয়াই আনিছে।

 

শেহতীয়াকৈ হোৱা ভয়াবহ খহনীয়াৰ কৱলত পৰি  ইতিমধ্যে অৰ্দ্ধ শতাধিক পৰিয়ালৰ ঘৰ বাৰী কৃষিভূমি উচন হৈছে। এইসকল দুৰ্ভগীয়া পৰিয়ালে আদৰৰ ঘৰ বাৰী নদীৰ বুকুত হেৰুৱাই সম্প্ৰতি চৌদিশে অন্ধকাৰ দেখিছে। এনে এক দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সময়তো এইসকল দুৰ্ভগীয়াৰ ওচৰত মাত দিবলৈ কোনো জনপ্ৰতিনিধি নাইবা জিলা প্ৰশাসনৰ আহৰি নাই। এইসকল দুৰ্ভগীয়া লোকে নদীখনৰ খহনীয়া পৰা ৰক্ষা কৰিবৰ বাবে বাৰম্বাৰ আবেদন নিবেদন জনায় অহাৰ পাছতো পিছতো এইসকল লোকৰ আহ্বানে স্পৰ্শ কৰিব পৰা নাই জিলা প্ৰশাসন কিম্বা শংশ্লিষ্ট বিভাগ অথবা চৰকাৰী ব্যৱস্থাটোক। ইতিমধ্যে নদীখনৰ খহনীয়াই কালৰূপ ধাৰণ কৰি অৰ্দ্ধ শতাধিক পৰিয়ালৰ ঘৰ বাৰী উচন কৰাত পৰিয়ালসমূহ উপায়হীন হৈ কাষৰীয়া পাভ বনাঞ্চলৰ ভূমিতেই অস্থায়ীভাৱে এখন সাধাৰণ টিঙৰ চালিতে অন্তহীন যন্ত্ৰণাৰ মাজেৰে বসবাস কৰিছে। শেহতীয়াকৈ নদীখনৰ কৱলত পৰা পৰিয়ালসমূহৰ ভিতৰত ক্ৰমে চিলাই পেগু,খগেন পেগু,সুনন্দ পেগু, মেকানিক পেগু, দুমাই পেগু, জয়সিং পেগু,লক্ষ্য পেগু, খহুৱা পেগু আদিকে ধৰি অৰ্দ্ধ শতাধিক পৰিয়ালৰ ঘৰ বাৰী সা সম্পত্তি নদীখনৰ বুকুত জাহ গৈছে। আনহাতে স্থানীয় বিধায়ক, জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াই আজিকোপতি ইয়াৰ পৰিস্থিতি বুজ লবলৈ উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে পৰিয়ালসমূহে। অলপতে পশ্চিম ৰঙানদী টিএমপিকে এটি সজাতি দলে উক্ত খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতি বুজ লোৱাৰ লগতে ক্ষোভ প্ৰকাশ কৰি কয় জাতি মাটি ভেটিৰ ৰক্ষাৰ  শ্লো’গানেৰে শাসনৰ বাঘজৰী হাতত  লোৱা বিজেপি চৰকাৰখনে সাধাৰণ জনতাৰ মাটিকনকে ৰক্ষা কৰিব পৰা নাই আকৌ অসমৰ মাটি ভেটি কেনেকৈ ৰক্ষা কৰিব বুলি প্ৰশ্ন কৰে। যদিহে চৰকাৰখনে অনাগত  সময়ত তাৎক্ষণিকভাৱে খহনীয়াগ্ৰস্ত অঞ্চলটোত খহনীয়া প্ৰতিৰোধৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ নকৰে তেনেহলে মিচিং ছাত্ৰ সংগঠনটোৱে নদীপৰীয়া ৰাইজৰ সহযোগত তীব্র গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে।
You might also like