নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেবাৰ গাইড লাইন ভংগৰে ৩ বছৰৰ পৰিৱর্তে বছৰ বছৰ ধৰি একেটা পদবীত অধ্যক্ষ–পৰীক্ষা নিয়ন্ত্রক

  • ছেবাৰ গাইড লাইন ভংগৰে অভিলেখ অধ্যক্ষ–পৰীক্ষা নিয়ন্ত্রকৰ 

নিয়মীয়া বাৰ্তা, ১৪ মার্চ: ছেবাৰ সকলো নীতি–নিয়ম ভংগৰে কু–কীর্তি অর্জন কৰিছে ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈন আৰু পৰীক্ষা নিয়ন্ত্রক নয়নজ্যোতি শর্মাই৷ অসম মাধ্যমিক শিক্ষা পৰিষদৰ এই দুইগৰাকী বিষয়াই ছেবাৰ সকলো বিধি উলংঘা কৰি বছৰ বছৰ ধৰি একেটা পদবীতে খামুচি ধৰি আছে৷ ২০১২ চনৰ পৰা এই পর্যন্ত ছেবাৰ পৰীক্ষা নিয়ন্ত্রকৰ দায়িত্বত আছে বর্তমানৰ পৰীক্ষা নিয়ন্ত্রক নয়নজ্যোতি শর্মা৷ অর্থাৎ ছেবাৰ গাইড লাইন অনুসৰি এজন পৰীক্ষা নিয়ন্ত্রকে তিনি বছৰৰ অধিক কাল পৰীক্ষা নিয়ন্ত্রক হিচাপে থাকিব নোৱাৰে৷ কিন্তু এইগৰাকী পৰীক্ষা নিয়ন্ত্রকে কার্যকাল অন্ত পৰাৰ পাছতো অতি কৌশলেৰে বছৰ বছৰ ধৰি ছেবাৰ পৰীক্ষা নিয়ন্ত্রক হিচাপে দায়িত্বভাৰ লৈ আছে৷

কেৱল এয়াই নহয়, এইগৰাকী পৰীক্ষা নিয়ন্ত্রকৰ দিনতে ছেবাত সংঘটিত হৈছে বহু দুর্নীতি–নিয়ম আৰু প্রশ্ণকাকত ফাদিলৰ খবৰ৷ শেহতীয়াকৈ বিজ্ঞান বিষয়ৰ প্রশ্ণকাকত পৰীক্ষাৰ পূর্বে ফাদিল হোৱাৰ পাছতে এইগৰাকী পৰীক্ষা নিয়ন্ত্রকৰ বিৰুদ্ধে খোদ ছেবাৰ একাংশ কর্মচাৰীয়ে উত্থাপন কৰিছে বিস্ফোৰক অভিযোগ৷ এইগৰাকী পৰীক্ষা নিয়ন্ত্রকৰ দিনতে গোৱালপাৰাত গৰুৱে উত্তৰবহী খোৱাৰ লগতে যোৰহাটত জ্বলি ছাই হৈছিল মেট্রিকৰ উত্তৰবহী৷

শেহতীয়াকৈ এইগৰাকী পৰীক্ষা নিয়ন্ত্রকৰ দিনতে পৰীক্ষাৰ পূর্বে ফাদিল হৈছে মেট্রিকৰ প্রশ্ণকাকত৷ উল্লেখ্য যে মেট্রিকৰ প্রশ্ণকাকত প্রস্তুত কৰাৰ সময়ছোৱাত তিনিজনীয়া এখন কমিটীয়ে লৈ আহিছে চূড়ান্ত সিদ্ধান্ত৷ ছেবাৰ অধ্যক্ষ, ছেবাৰ সচিব আৰু ছেবাৰ পৰীক্ষা নিয়ন্ত্রকে পৰীক্ষা অনুষ্ঠিত কৰা আৰু ফলাফল প্রকাশৰ মূল দায়িত্ব পালন কৰি আহিছে৷ কিন্তু ছেবাৰ এটা গোপন সূত্রই সদৰী কৰা অনুসৰি পৰীক্ষা নিয়ন্ত্রক নয়নজ্যোতি শর্মাই যিকোনো সিদ্ধান্ত সচিবৰ অগোচৰে লৈ আহিছে৷ যাৰ ফলত বছৰ বছৰ ধৰি সংঘটিত হৈ আহিছে অনিয়ম৷

কেৱল ইমানেই নহয়, সচিবক অন্ধকাৰত ৰাখি পৰীক্ষা নিয়ন্ত্রক নয়নজ্যোতি শর্মাই প্রশ্ণকাকত নিজৰ ইচ্ছা অনুসৰি ছপা কৰি অহাৰ অভিযোগ উত্থাপন হৈছে৷ একেদৰে একেটা পদবীতে সুদীর্ঘ ৭ বছৰতকৈ অধিক কাল দায়িত্বভাৰ গ্রহণ কৰি আহিছে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্র জৈনে৷ পৰীক্ষাৰ সময়ত যিকোনো এটা সিদ্ধান্ত লোৱাৰ ক্ষেত্রত পৰীক্ষা নিয়ন্ত্রক আৰু অধ্যক্ষগৰাকীয়ে নিজাববীয়াকৈ লৈ অহা সিদ্ধান্তৰ বিৰুদ্ধে ছেবাৰ কর্মচাৰীসকলৰ মাজত সৃষ্টি হৈ আহিছে তীব্র প্রতিক্রিয়া৷ কিন্তু ছেবাৰ অধ্যক্ষৰ ৰোষত পৰাৰ ভয়তে মুখ খুলিবলৈ ভয় খাই আহিছে একাংশ কর্মচাৰীয়ে৷ শেহতীয়াকৈ অনুষ্ঠিত হৈ থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ তিনিটাকৈ বিষয়ত সংঘটিত হোৱা অনিয়ম তথা প্রশ্ণকাকত ফাদিলৰ বাতৰিৰ পাছতে কর্মচাৰীসকলে ছেবাৰ অধ্যক্ষ আৰু পৰীক্ষা নিয়ন্ত্রকৰ বিৰুদ্ধে বিধিগত ব্যৱস্থা ল’বলৈ চৰকাৰলৈ আহ্বান জনাইছে৷

You might also like