নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজবাটত বড়োলেণ্ড অতিথিশালাৰ আধাৰশিলা স্থাপন 

  • বিজ্ঞান পৰীক্ষা বাতিল কৰা খবৰটোৱ মনত বৰ দুখ দিছে – প্ৰমোদ বড়ো 
  • বিটিআৰত বড়ো অবড়ো বুলি কোনো ভেদাভেদ নাই – প্ৰমোদ বড়ো
  • বিটিচিত যোৱা ১৭ বছৰত ২০ হাজাৰ কোটি টকা আহিছিল সঠিকভাৱে ৰূপায়ণ  নহ’ল – প্ৰমোদ বড়ো
  • পাৰিষদৰ বিদেশ ভ্ৰমণৰ টকাৰে দুখীয়া ছাত্র -ছাত্রীক কোচিংত খৰচ কৰিছোঁ – প্ৰমোদ বড়ো 
     
নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চ : ১৩ মাৰ্চ তাৰিখৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা চেবাই বাতিল কৰা খবৰটোৱে মনত বৰ দুখ দিছে | ভাষা নাই এনে ধৰণৰ কামৰ প্রত্তোত্বৰ দিবলৈ – এই মন্তব্য বিটিআৰ প্রধান প্ৰমোদ বড়োৰ।  ১৩ মাৰ্চ মঙলবাৰে মাজবাট ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ প্ৰাংগনত দুই কোটি টকাৰে নিৰ্মাণ কৰিবলগীয়া পাচ হাজাৰ বৰ্গ ফুটৰ দুমহলীয়া বড়োলেণ্ড অতিথিশালাৰ আধাৰশিলা স্থাপনৰ ৰাজহুৱা সভাত বিচিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই ৰাইজৰ উদ্দেশ্যে দিয়া ভাষণত কয় যে বৰ্তমান আমাৰ বিটিআৰ চৰকাৰ কামৰ চৰকাৰ চিন্তা – চৰ্চা কৰা চৰকাৰ। পৰ্বতঝোৰাৰ পৰা মাজবাটলৈ এই বৃহৎ বিটিআৰ পৰিসৰৰ ভিতৰৰ বিভিন্ন সমস্যাসমূহ উদ্ভাৱন কৰি সেইবোৰ সমাধান কৰাই আমাৰ লক্ষ্য আৰু উদ্দেশ্য। এটা যদি অঞ্চল আগবাঢ়ি যাব লাগে তেন্তে সেই অঞ্চলটোৰ আন্ত:গাথঁনি উন্নত হব লাগিব | বিশ্বৰ অন্য দেশ সমূহৰ উন্নয়ন দেখি আমাৰ দেশখনো বিশ্বৰ ভিতৰত অন্যতম দেশ হিচাপে প্রতিষ্ঠা লাভ কৰিব পাৰো তাৰই পৰিকল্পনা কৰি আগবাঢ়ি গৈ আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। তেখেতৰ নিচিনাকৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো ৰাজ্যখনক দেশৰ ভিতৰতে এখন সৰ্বাংগসুন্দৰ ৰাজ্য হিচাপে নিৰ্মাণ কৰিবলৈ বহু আচঁনি হাতত লৈছে। তেখেত সকলৰ  মনোবাঞ্চা পূৰাবলৈ আমি পৰিষদীয় চৰকাৰৰ পৰা সকলো প্ৰকাৰৰ সহায় আগবঢ়াইছোঁ। আগতে বেপাৰীৰ হাতত কৃষকৰ ভৱিষ্যত নিৰ্ভৰ হৈ আছিল | এতিয়া ৰাজ্য চৰকাৰে নিজাববীয়াকৈ ধন ক্ৰয় কৰাৰ কেন্দ্ৰ মুকলি কৰিছে , বিজ্ঞানসন্মত  মিল খুলিছে ,উপযুক্ত মূল্য দিছে | চাহবাগিছা সমূহত আদৰ্শ বিদ্যালয় খুলিছে | ৰাজ্য লগতে পৰিষদীয় অঞ্চল সমূহো উন্নতি হব লাগিব | বৰ্তমান বিটিআৰ অঞ্চলত বিদ্রোহী, হত্যা, হিংসা, লুট -পাট, ধৰ্ষণ আদি বন্ধ হ’ল। বড়ো – অবড়ো বুলি কোনো ভেদাভেদ নাই | সকলো জাতি জনগোষ্ঠীৰ মিলন ভূমি বিটিআৰত নিজ নিজ ভাষা, কলা, সংস্কৃতি, উৎসৱ – পাৰ্বণ নিয়াৰিকৈ চলি থাকিব ,জীয়াই থাকিব | হাগ্রামা মহিলাৰীৰ ১৭ বছৰীয়া কাৰ্যকালত বিটিচি উন্নয়নৰ নামত বিশ হাজাৰ কোটি টকা আহিছিল যদিও সঠিক ভাৱে ৰূপায়ণ নোহোৱাৰ বাবে উন্নয়ন প্ৰক্ৰিয়া স্থবিৰ হৈ পৰিল | কিছুমান অদৰকাৰী গৃহ নিৰ্মাণ কৰি টকা অপচয় কৰিছে সেই গৃহ সমূহত পানী পৰি হাঁবি জংগলে আৱৰি ধৰিছে | সূতা কম্বল বিতৰণ কৰি কোটি কোটি টকা আত্মসাৎ কৰিছিল হাগ্রামা মহিলাৰীয়ে | আন্ত:গাথঁনি উন্নয়ন কৰি পাছশ খন বিদ্যালয়ৰ মেৰামতিৰ কাম চলি আছে সেইবোৰ বিদ্যালয় আদৰ্শ বিদ্যালয় হিচাপে চিহ্নিত কৰা হৈছে | বিটিআৰৰ ১৯ খন স্নাতক মহাবিদ্যালয়ৰ আন্ত:গাথঁনি উন্নয়নৰ বাবে এক কোটিৰ পৰা সত্তৰ লাখ টকা আবণ্টন দিয়া হৈছে | তাৰ ভিতৰত মাজবাট মহাবিদ্যালয়ক সত্তৰ লাখ টকা দিছে | মাজবাট ষ্টেডিয়াম নিৰ্মাণৰ বাবে ৫ কোটি ৫০ লাখ টকা আবণ্টন দি হৈছে | বহাগ মাহত তাৰ আধাৰশিলা স্থাপন কৰিবলৈ আকৌ আহিব প্ৰমোদ বড়ো | বিটিআৰৰ ৬ খন চৰকাৰী কুটিৰ শিল্প প্রতিষ্ঠানৰ বিপৰীতে চলিত বিত্তীয় বৰ্ষৰ পৰা ১১ খন কুটিৰ শিল্প প্ৰতিষ্ঠানত কাৰিকৰী কৌশল আৰু শিক্ষা প্ৰদান কৰা হব | যাৰ পৰিপ্ৰেক্ষিতত পৰিষদীয় অঞ্চলৰ নিবনুৱা যুৱক যুৱতীৰ সংখ্যা হ্ৰাস হৈ স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত হব | এই প্ৰতিষ্ঠান সমূহত আধাতে  বিদ্যালয় এৰা যুৱক – যুৱতী সকলে কাৰিকৰী  শিক্ষা গ্ৰহণ কৰিব পাৰিব | খিলঞ্জীয়া ভূমিহীন লোকক ভূমি দিয়াৰ লগতে ভূমিৰ স্থায়ী সমাধান কৰা হৈছে | পাৰিষদ সকলৰ বিদেশ ভ্রমণৰ টকাৰে প্রতি বছৰে প্ৰতিটো বিভাগৰ বাবে এশ জনকৈ শিক্ষিত যুৱক যুৱতী সকলক আই এছ, আইপিএছ, কাৰিকৰী বিজ্ঞান, চিকিতসা বিজ্ঞান আদি শিক্ষাৰ বাবে বিনামূলীয়া কোচিংৰ ব্যৱস্থা কৰা হৈছে | জনগোষ্ঠী সকলৰ উন্নয়নৰ নামত WP/BC , CD আদি বিভাগৰ জৰিয়তে বহু কোটি কোটি টকা আত্মসাৎ কৰি আছিল | সেই কাম ৰোধ কৰা হৈছে | ৰাজ্যখনৰ শিক্ষিত যুৱক যুৱতী সকলে বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ অৰ্হতা ভিত্তিত বিনামূলীয়া কৈ চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে যদিও বদলিকৰণৰ নাম চলি থকা  ধনৰ লেনদেনে বন্ধ কৰাৰ ক্ষেত্রত চৰকাৰ ব্যৰ্থ হৈছে | সকলো দুৰ্নীতি, অপকৰ্ম, ভষ্ট্রাচাৰ, ঘোচ আদি পদ পথত কৰিব ধৰাত কাৰ্যালয়ত লগোৱা চিচি কেমেৰাই কাম নকৰা হৈছে | কাৰ্যালয়ৰ চিচি কেমেৰা সংযোগী তাঁৰ সদায় নিগনিয়ে কাটি থাকে | পৰিৱেশ বিনষ্ট কৰা কাম কৰিলে সমাজে প্রতিবাদ কৰিব লাগিব | দেশৰ লগতে  বিটিআৰত উন্নয়নৰ ধাৰা অব্যাহত আছে | সভাত পাচঁনৈ চেৰফাং মণ্ডল বিজেপি, বিজেপিৰ মহিলা মৰ্চা, বিজেপিৰ যুৱ মৰ্চা ,ফুলগুৰি ভিচিডিচি, বৃহত্তৰ মাজবাট নাগৰিক মঞ্চ, মাজবাট সমবায় সমিতি লিমিটেড, বাথৌ মহাসভা ,নাওঁহেৰুৱা ভিচিডিচি, গাওঁবুঢ়া সন্থা ,মাজবাট ক্ৰীড়া সন্থা ,কুমাৰ সন্মিলন মাজবাট আঞ্চলিক আদিয়ে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে বহুজনে স্মাৰক পত্ৰও প্রদান কৰে | উক্ত অনুষ্ঠানটোত বিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাস, কাৰ্যবাহী সদস্য ড০ নিল্যুত স্বৰ্গীয়াৰী, পাৰিষদ দীপক মৌৰ, মাজবাট ৰাজহ চক্ৰ বিষয়া উৎপল কুমাৰ ডেকাৰ সমন্বিতে বহু নমস্য লোক উপস্থিত আছিল | মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক ৰাম কৰণ গোড়ে আতঁধৰা অনুষ্ঠানটোৰ বিয়লি ৪ বজাত সামৰণি পৰে |
You might also like