নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত বিপিএফৰ বহু নেতা-কৰ্মীৰ বিজেপিত যোগদান

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ চিৰাং জিলাৰ বিজনীৰ বড়ো কালিবাৰীস্থিত অনন্যা ভৱনত বিজেপিৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। চিৰাং জিলা বিজেপিৰ সভাপতি ৰিণ্টু কুমাৰ দাসৰ সভাপতিত্বত তিনি শতাধিক বিপিএফৰ নেতা কৰ্মী বিজেপিত যোগদান কৰে।উল্লেখ্য যে ১৭ নং সুভাইজাৰ পৰিষদীয় সমষ্টিৰ বিপিএফ পাৰিষদ প্ৰভাত বসুমতাৰিয়ে বিজেপিত যোগদান কৰাৰ পিছত আজি পাৰিষদ গৰাকীৰ নেতৃত্বত সমষ্টিৰটোৰ বিপিএফ দলৰ ব্লক, প্ৰাইমাৰী, ভিচিডিচিৰ নেতা কৰ্মীৰ লগতে যুৱ বিপিএফৰ প্ৰায় তিনি শতাধিক নেতা কৰ্মী বিজেপিত যোগদান কৰে।

এই যোগদান কাৰ্যসূচীযে বিপিএফৰ এক মোক্ষম আঘাট বুলি চৰ্চিত হৈছে। এই সংক্ৰান্তত পাৰিষদ প্ৰভাত বাসুমতাৰীয়ে বিপিএফৰ নেতৃত্বৰ পৰা অৱহেলিত আৰু অসন্মান সূচক ব্যৱহাৰ কৰাৰ বাবে বিজেপিত যোগদান কৰা বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে। ইফালে বিধায়ক অজয় কুমাৰ ৰয়ে বিটিআৰত হাগ্ৰামা মহিলাৰীৰ বাহিৰে বিপিএফ শূন্য হবলৈ গৈ আছে বুলি মন্তব্য কৰাৰ লগতে আগন্তুক দিনত আৰু বহুতো বিপিএফ নেতা কৰ্মীয়ে বিজেপিত যোগদান কৰিব, এই সংক্ৰান্তত তেওঁৰ লগত যোগাযোগ হৈ আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

Input: বৰ্ণালী তালুকদাৰ, বিজনী

You might also like