নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱত চিকিৎসকৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ বঙাইগাঁৱত অসম চিকিৎসা সেৱা সংস্থাৰ আহ্বান মৰ্মে বৰ্হিবিভাগ বৰ্জন কাৰ্যসূচী পালন কৰে ৷ সংস্থাৰ বঙাইগাঁও গোটৰ উদ্যোগত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত পূৱা আঠ বজাৰ পৰা তিনি ঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী পালন কৰে ।

চিকিৎসকৰ কেদাৰ পুনৰীক্ষণ আৰু পুৰ্ননিয়োজন কৰা,  টাইম স্কেল মতে পদোন্নতি দিয়া, স্বাস্থ্য ক আৰু খ বিভাগৰ মাজত দৰমহাৰ বৈষম্য দূৰ কৰা প্ৰমুখ্য কৰি এঘাৰ দফিয়া দাবীৰ সমৰ্থনত সংস্থাটোৱে কৰ্মবিৰতি পালন কৰে ৷

Input: উপানন্দ শৰ্মা , বঙাইগাঁও

You might also like