নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৈঠালাংছʼৰ উমছুৱাৰ সাপ্তাহিক বজাৰত ভয়ানক অগ্নিকাণ্ড; ১৯0 টা বজাৰ গৃহ ভস্মীভূত

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰী – পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছʼ আৰক্ষী থানাৰ অন্তৰ্গত উমছুৱাই সাপ্তাহিক বজাৰত আজি দিনৰ প্ৰায় ১-৩০ বজাত ভয়ানক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । প্ৰতি শুকুৰবাৰে বহা এই সাপ্তাহিক বজাৰত ২৪৫ টা খেৰ আৰু বাহেৰে সজোৱা বজাৰ গৃহ আছিল । উল্লেখযোগ্য যে আকস্মিক ভাৱে সূত্ৰপাত হোৱা এই অগ্নিকাণ্ডৰ ফলত ১৯০ টা বজাৰ গৃহ নিমিষতে জ্বলি ভস্মীভূত হয়। ইপিনে উমছুৱাই অঞ্চলটো অতি দুৰ্গম হোৱা বাবে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী এই স্থানত উপস্থিত হ’ব নোৱাৰাৰ ফলত ৮০ শতাংশ বজাৰ গৃহ জ্বলি ভস্মীভূত হয় । স্থানীয় ৰাইজে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা চলাই যদিও ব্যৰ্থ হ’ব লগীয়া হয় । ইপিনে জুই সূত্ৰপাত কʼৰ পৰা হ’বলৈ পালে, সেইয়া এতিয়াও স্পষ্ট হোৱা নাই । আনহাতে অসম – মেঘালয় সীমান্তৰ উমছুৱাইৰ উক্ত সাপ্তাহিক বজাৰখনত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ তৰফৰ পৰা পকী বজাৰ গৃহ নিৰ্মাণ কৰিবলৈ বহু বাৰ স্থানীয় ৰাইজে আবেদন কৰে যদিও আজিপৰ্যন্ত পকী বজাৰ গৃহ নিৰ্মাণৰ কাড় সম্ভৱ হৈ নুঠিল। স্থানীয় ৰাইজে বৰ্তমানৰ কাৰ্যবাহী সদস্য বি উফিং মাছলাইক কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ জৰিয়তে জুইত সম্পূৰ্ণ ৰূপে জাহ যোৱা বজাৰ গৃহ সমূহ নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে ।

প্ৰেৰক – হেমন্ত কুমাৰ নাথ

You might also like