নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাজানৰ ডিলাইত ১ কোটি ৩০ লাখ টকাৰ সোণ জব্দঃ আটক মণিপুৰৰ দুই সৰবৰাহকাৰী

নিয়মীয়া বাৰ্ত, ১১ছেপ্টেম্বৰ: অসম-নাগালেণ্ড সীমান্তবর্তী লাহৰীজানত কালি পুৱতি নিশা আৰক্ষীয়ে অভিযান চলাই কোটি টকা মূল্যৰ ভাং আৰু হেৰ’ইনসহ এখন ট্রাক জব্দ কৰাৰ লগতে তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা ঘটনাৰ ২৪ ঘণ্টা পাৰ নৌহওঁতেই যোৱা নিশা পুনৰ লাহৰীজানত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ চোৰাং সোণ জব্দ কৰাৰ লগতে দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি, এক নিৰ্ভৰযোগ্য সূত্রে লাভ কৰা তথ্যৰ ভিত্তিত যোৱানিশা ডিলাই থানাৰ ভাৰপ্রাপ্ত বিষয়া লুটফুৰ ৰহমানৰ নেতৃত্বত তথা লাহৰীজান টহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেবপ্রতীম কোঁৱৰৰ সহযোগত আৰক্ষীৰ এটা দলে যোৱানিশা লাহৰীজান টহলদাৰী চকীৰ সন্মুখত তালাচী অভিযান চলায়। উক্ত অভিযানত আৰক্ষীৰ দলটোৱে এমএন-০৩-০৪০৩ নম্বৰৰ নৈশবাছখনত তালাচী চলাই ২.৩২৩ গ্রাম ওজনৰ ১৪ টা চোৰাং সোণৰ টুকুৰা জব্দ কৰিবলৈ সক্ষম হয়।

 

চোৰাং সোণখিনি বাছখনৰ চালক আৰু হেন্দিমেনে নিজৰ জোতাৰ ভিতৰত কৌশলেৰে লুকুৱাই আনিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। জব্দ হোৱা সোণখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য কমেও প্রায় ১ কোটি ৩০ লাখ টকাৰ বুলি অনুমান কৰা হৈছে। জব্দ হোৱা সোণখিনি মণিপুৰৰ পৰা গুৱাহাটীলৈ নি থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে দুয়োটা সৰবৰাহকাৰীকে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ধৃত সৰবৰাহকাৰী দুটা ক্ৰমে মণিপুৰ থৌবাল জিলাৰ লাইলং থানাৰ অন্তৰ্গত লাইলং হাওৰেইবি মাখা লেইকাই নিবাসী মঃ মহিম (২৪) আৰু হায়েল্লাবুক মায়াল লেইকাই নিবাসী মঃ মাছহাৰুদ্দিন (৪১) বুলি চিনাক্ত কৰা হৈছে। এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে।
You might also like