ব্ৰহ্মাস্ত্ৰ’ চিনেমা চাই থকাৰ অৱস্থাতে পায়ল আগৰৱালৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ চৰণে জানে মৰণৰ ঠাই!বিশ্বকৰ্মা পূজাৰ দিনাই ডিব্ৰুগড়ত সংঘটিত হোৱা এক ঘটনাই ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।ডিব্ৰুগড়ৰ আৰ কে বি পথত থকা চ’হাম শ্বপিং মলত থকা চিনেমা হলত ‘ব্ৰহ্মাস্ত্ৰ’ নামৰ চিনেমাখন চাই থকাৰ অবস্থাতে মৃত্যু হয় এগৰাকী মহিলাৰ।পায়ল আগৰৱাল নামৰ এগৰাকী ৪৫ বছৰীয়া মহিলাই বিশ্বৰ্কমাৰ পূজাৰ নিশা চ’হামৰ গেলেৰীয়াত চিনেমা উপভোগ কৰাৰ মাজতে হঠাৎ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰে।ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ কুসুম বস্ত্ৰালয়ৰ স্বত্বাধিকাৰী পায়ল আগৰৱালাই নিজ স্বামী আৰু জীয়ৰীৰ সৈতে চিনেমা উপভোগ কৰি থাকোতে শেষ হবলৈ প্ৰায় ১৫ মিনিট সময় থকা সময়তে নিশা প্ৰায় ১১ বজাত অকস্মাৎ মুৰ ঘূৰাই পৰি যায়।পাছত গেলেৰীয়াৰ কতৃপক্ষই ঘটনা উমান পাই ১০৮ এম্বুলেঞ্চৰ সৈতে যোগাযোগ কৰিও বিফল হোৱাত নিজ গাড়ীৰে মহিলা গৰাকীক ততাতৈয়াকৈ মেডিকেললৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।ঘটনাটোৱে ডিব্ৰুগড়ত গভীৰ শোকৰ ছাঁ পেলাইছে।
ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।