নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিতাবাঘ

পৃথিৱীৰ পৰা বিৱর্তন, প্রাকৃতিক দুর্যোগ অথবা মানৱসৃষ্ট কাৰকৰ বাবে জীৱ–জন্তুৰ বিলুপ্তি ঘটে৷ মানৱসৃষ্ট কাৰকৰ লগতে প্রাকৃতিক দুর্যোগৰ বাবে বিলুপ্ত ঘটা প্রাণীসমূহৰ পাৰিপার্শ্বিকতাৰ ভাৰসাম্যৰ লগত থকা নিকট সম্পর্কৰ পৰিপ্রেক্ষিতত এনে বিলুপ্তি ঘটা অনেক প্রাণী, জীৱ–জন্তু পুনৰ উদ্ধাৰৰ প্রক্রিয়া বিজ্ঞানীসকলে গৱেষণাৰ জৰিয়তে চলাই আছে৷ অৱশ্যে এতিয়ালৈকে পৃথিৱীৰ পৰা হেৰাই যোৱা কিম্বা বিলুপ্তি ঘটা প্রাণীৰ পুনৰুদ্ধাৰ প্রক্রিয়াত সম্পূর্ণভাৱে বিজ্ঞানীসকল সফল হোৱা নাই যদিও কিছু কিছু দিশত আগবাঢ়ি গৈ আছে৷ অষ্ট্রেলিয়াৰ বিজ্ঞানীয়ে দেশখনৰ পৰা হেৰাই যোৱা প্রাণীক পুনৰুদ্ধাৰ কৰাৰ বাবে গৱেষণাগাৰত পৰীক্ষা–নিৰীক্ষা চলাই কিছু অগ্রগতি লাভ কৰিছে৷ আনপিনে বিলুপ্তি ঘটা প্রাণী এখন দেশৰ পৰা আন এখন দেশলৈ স্থানান্তৰৰ জৰিয়তে পুনৰুদ্ধাৰ প্রক্রিয়া বিশ্বজুৰি চলি আছে৷ আমাৰ দেশতো ১৭ ছেপ্ঢেম্বৰ এক ঐতিহাসিক দিন হিচাপে চর্চিত হৈছে৷ ৭০ বছৰ পূর্বে ভাৰতৰ পৰা বিলুপ্তি ঘটা কিম্বা হেৰাই যোৱা চিতাবাঘ পুনৰ দেশৰ ভূমিত বিচৰণ কৰিব৷ অর্থাৎ স্থানান্তৰ প্রকল্পৰ জৰিয়তে বিদেশৰ পৰা ভাৰতলৈ চিতাবাঘ ওভতাই অনা হৈছে৷ বিশেষ চুক্তিৰ জৰিয়তে নামিবিয়াৰ পৰা ১৭ ছেপ্ঢেম্বৰত বিশেষ বিমানযোগে আঠটা চিতাবাঘ ভাৰতলৈ অনা হৈছে৷ নামিবিয়াৰ পৰা ভাৰতলৈ অনা এই চিতাবাঘ আঠটা মধ্যপ্রদেশৰ কুনো ৰাষ্ট্রীয় উদ্যানত মুকলি কৰি দিয়া হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নামিবিয়াৰ পৰা অনা এই আঠটা চিতাবাঘ ৰাষ্ট্রীয় উদ্যানখনত মুকলি কৰি দি দেশৰ ভূমিত পুনৰ চিতাবাঘৰ আগমনক আদৰণি জনাইছে৷ আন্তঃমহাদেশীয় স্থানান্তৰ প্রকল্পৰ অধীনত বি–৭৪৭ জাম্ব’ বিমান বাঘৰ ছবিৰে অংকন কৰি বিশেষভাৱে সজাই তুলি নামিবিয়াৰ হছেয়া কুটাক’ আন্তর্জাতিক বিমানবন্দৰৰ পৰা আঠটা বাঘ লৈ ১৭ ছেপ্ঢেম্বৰত ভাৰতত অৱতৰণ কৰেহি৷ পাঁচটা মাইকী আৰু তিনিটা মতাসহ আঠটা চিতাবাঘে ভাৰতৰ ভূমিত পুনৰ চিতাবাঘৰ এখন সাম্রাজ্য গঢ়াৰ সম্ভাৱনা আছে৷ বিশ্বৰ দেশসমূহৰ মাজত চলিত আন্তঃমহাদেশীয় স্থানান্তৰ প্রকল্পৰ জৰিয়তে চিতাবাঘৰ ভাৰতত পুনৰাগমন প্রকৃতিপ্রেমীৰ বাবেও উচ্ছ্বাসজনক হ’ব৷
১৯৫২ চনত চিতাবাঘৰ প্রজাতিৰ ভাৰতত বিলুপ্তি ঘটাৰ পাছতে এই চিতাবাঘ ভাৰতলৈ পুনৰ অনাৰ বাবে আন্তঃমহাদেশীয় স্থানান্তৰ প্রকল্পৰ অধীনত বিভিন্ন ৰাষ্ট্রৰ সৈতে সম্পর্ক আৰম্ভ কৰে৷ ২০০৯ চনত নামিবিয়াস্থিত চিতা সংৰক্ষণ পুঁজিৰ ড০ লৌৰী মার্কাৰ, ব্রুছ ব্রিৱাৰ আৰু ষ্টেফেন জে অ’ব্রায়ানে ভাৰতলৈ আহি দেশৰ চৰকাৰৰ সৈতে চিতাবাঘক লৈ বিভিন্ন আলোচনাত মিলিত হয়৷ নামিবিয়াত মুখ্য কার্যালয় থকা চিতা কনজাৰভেচন ফাণ্ড চমুকৈ চিচিএফ (চিতা সংৰক্ষণ পুঁজি)ৰ এই তিনি বিষয়ববীয়াই চিতাবাঘৰ সংৰক্ষণৰ ক্ষেত্রত অহোপুৰুষার্থ কৰি থকাৰ লগতে বনাঞ্চলত পুনৰ চিতাবাঘৰ পুনৰ সংস্থাপন সন্দর্ভত গৱেষণা চলাই আহিছে৷ এই তিনি প্রকৃতি বিজ্ঞানীৰ জৰিয়তে ভাৰতলৈ নামিবিয়াৰ পৰা চিতাবাঘ পুনৰ অনাৰ এক প্রক্রিয়া আৰম্ভ হয়৷ ভাৰত চৰকাৰৰ আমন্ত্রণমর্মে ড০ মার্কাৰে চিতাবাঘক লৈ ভাৰতলৈ আহি বিভিন্ন আলোচনা–বিলোচনা চলায়৷ ১২ বছৰ ধৰি ভাৰতলৈ চিতাবাঘ ওভতাই অনাৰ প্রক্রিয়া চলি থকাৰ অন্তত ২০২২ চনৰ জানুৱাৰী মাহত দেশৰ উচ্চতম ন্যায়ালয়ে চিতা প্রকল্পৰ অনুমোদন জনায় আৰু ইয়াৰ পাছতে নামিবিয়াৰ পৰা চিতাবাঘ ভাৰতলৈ অনা প্রক্রিয়া ক্ষিপ্রতৰ হয়৷ ২০২০ চনৰ জুলাই মাহত নামিবিয়া আৰু চিতা সংৰক্ষণৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় আৰু এই চুক্তিৰ মতে নামিবিয়া চৰকাৰে চিতা প্রকল্পত জড়িত হৈ পৰে৷ সেইমর্মে এই প্রকল্পত নামিবিয়াৰ আঠটা চিতাবাঘ অন্য দেশ বিশেষকৈ ভাৰতলৈ প্রেৰণত সন্মতি প্রকাশ কৰে৷ মন কৰিবলগীয়া যে দক্ষিণ আফ্রিকাৰ বন্য চিতাবাঘ প্রথমবাৰলৈ ভাৰত বিশেষকৈ এছিয়াৰ এখন দেশলৈ অনা প্রক্রিয়াত সন্মতি প্রদান কৰে আৰু ই অৱশেষত ১৭ ছেপ্ঢেম্বৰত সম্পূর্ণ হয়৷ দেশৰ মধ্যপ্রদেশৰ কুনো ৰাষ্ট্রীয় উদ্যানত মুকলি কৰি দিয়া আঠটা চিতাবাঘৰ ভিতৰত পাঁচটা মাইকী চিতাৰ বয়স দুই বছৰৰ পৰা পাঁচ বছৰৰ ভিতৰত৷ আনপিনে মতা চিতাৰ বয়স ৪.৫ বছৰৰ পৰা ৫.৫ বছৰৰ ভিতৰত৷ আফ্রিকাৰ বনাঞ্চলৰ পৰা কৰায়ত্ত কৰি ২০২০ চনৰ ছেপ্ঢেম্বৰৰ পৰা চিচিএফৰ কেন্দ্রত ৰখা ডাঙৰ মেকুৰী খ্যাত চিতাবাঘকেইটা ভাৰতীয় ভূমিত পদার্পণ কৰাৰ লগে লগে এক ইতিহাসৰ সৃষ্টি কৰে৷ বিশেষ বিমানেৰে নামিবিয়াৰ পৰা আঠটা চিতাবাঘ আনি ১৭ ছেপ্ঢেম্বৰৰ পুৱা জয়পুৰত অৱতৰণ কৰোৱা হয় আৰু ইয়াৰ পাছতে বিশেষ হেলিকপ্ঢাৰেৰে কুনো ৰাষ্ট্রীয় উদ্যানলৈ নিয়া হয়৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দ্বাৰা বিশেষ প্রতিনিধিৰ দলে এই প্রক্রিয়াটোক আদৰণি জনোৱাৰ অন্তত আঠটা চিতাবাঘ কুনো ৰাষ্ট্রীয় উদ্যানৰ আলহী হয়৷ ভাৰতীয় ভূমিত পুনৰ চিতাবাঘ প্রজাতিৰ বিচৰণ আৰম্ভ হ’ল৷ ই দেশৰ বাবে এক আশাপ্রদ খবৰ৷ এই প্রক্রিয়াই অনাগত দিনত ভাৰতৰ পৰা বিলুপ্তি ঘটা অনেক প্রজাতিৰ পুনৰাগমনত উচ্ছ্বাসিত কৰিব৷

You might also like