নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বজুৰি অব্যাহত লিংগ বৈষম্যঃ পুৰুষৰ তুলনাত মহিলাই ২০ শতাংশ কম বেতন পায়

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ চৰকাৰী হওক বা বেচৰকাৰী হওক, কর্মক্ষেত্রত আজিও লিংগ বৈষম্যৰ চিকাৰ হৈ আছে মহিলাসকল৷ পুৰুষৰ আধিপত্য যে বেতন বৈষম্যতো আছে সেয়া আন্তর্জাতিক শ্রম সংস্থা (আইএলঅ’)ৰ এক প্রতিবেদনত পোহৰলৈ আহিছে৷ এই প্রতিবেদনত উল্লেখ কৰা অনুসৰি বিশ্বৰ প্রতিখন দেশতে কর্মক্ষেত্রত লিংগ বৈষম্যৰ চিকাৰ হ’বলগীয়া হৈছে মহিলাসকল৷

উল্লেখনীয় যে আজি সমবেতন দিৱস (ইকুৱেল পে’ ডে’) পালন কৰা হৈছে বিশ্বজুৰি৷ বেতন বৈষম্য দূৰীকৰণ অভিযান আজিৰে পৰা আৰম্ভ কৰিছে লিংগ সাম্য আৰু নাৰীৰ ক্ষমতাক লৈ কাম কৰা ৰাষ্ট্রসংঘৰ নিজস্ব সংগঠন ‘ইউ উইমেন’–এ৷ আইএল’ৰ প্রতিবেদন অনুসৰি বিশ্বজুৰি কর্মক্ষেত্রত মহিলাসকলে পুৰুষৰ তুলনাত প্রায় ২০ শতাংশ কম উপার্জন কৰে৷ বিভিন্ন সমীক্ষাৰ প্রতিবেদনতো উল্লেখ পাইছে যে কেৱল লিংগ বৈষম্যৰ বাবে কর্মক্ষেত্রত মহিলা আৰু পুৰুষসকলৰ উপার্জনৰ ক্ষেত্রত বৃহৎ ব্যৱধানৰ সৃষ্টি হৈছে৷ গতিকে ইয়াক দূৰীকৰণৰ দাবী জনাইছে আইএলঅ’–এ৷

You might also like