নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বড়ো বোলছবিৰ যুৱ প্ৰযোজক,পৰিচালক, অভিনেতা বিক্ৰম বসুমতাৰীৰ নিৰলস প্ৰয়াস; চুটি ছবি নিৰ্মাণত ব্যস্ত লকডাউনৰ সময়ছোৱাত

নিয়মীয়া বাৰ্তা, ৫ আগষ্টঃ বড়ো বোলছবি জগতত যুৱ পৰিচালক, প্ৰযোজক আৰু অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰা ধেমাজি জিলাৰ গোগামুখ অঞ্চলৰ ঔগুৰী গাঁৱৰ বিক্ৰম বসুমতাৰীয়ে ক’ভিড-১৯ৰ বাবে চৰকাৰে গ্ৰহণ কৰা লক ডাউনৰ সময়খিনিত ব্যস্ততা ৰাখিছে চুটি ছবি নিৰ্মাণত।

যুৱ শিল্পী গৰাকীয়ে বিশ্বজুৰি আতংক সৃষ্টি কৰা মহামাৰী কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা বাচি থাকিবলৈ ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে স্বাস্থ্য বিভাগে জাৰি কৰা নীতি-নিৰ্দেশনা সমূহ সহজ সৰল গ্ৰাম্য অঞ্চলত সজাগতা বৃদ্ধি কৰাৰ লক্ষ্য ৰাখি ইয়াৰ পটভূমিত এপ্ৰিল মাহত সাংগ্ৰাংথি(সাৱধানতা) নামৰ এখন চুটি ছবি নিৰ্মাণ কৰি উলিওৱাৰ লগতে সামাজিক পটভূমিত খিটেৰ (প্ৰতিশোধ) আৰু প্ৰচলিত সমাজ ব্যৱস্থাত সকলো ক্ষেত্ৰতে কন্যা সন্তানতকৈ পুত্ৰ সন্তানক বেছি গুৰুত্ব দিব বিচৰা বিষয়বস্তুক লৈ থাংখি(লক্ষ্য) নামৰ আন মনোগ্ৰাহী চুটি ছবি নিৰ্মাণত ব্যস্ত হৈ আছে।

গোগামুখ অঞ্চলৰ বিভিন্ন ঠাইত দৃশ্য গ্ৰহণ চলি থকা চুটি বড়ো বোলছবি থাংখিত বিক্ৰম বসুমতাৰীয়ে নিজে অভিনেতা হিচাপে অভিনয় কৰিছে। অভিনেত্ৰী হিচাপে নবাগতা হেমপ্ৰভা নাৰ্জাৰী, বড়ো বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা লংকেশ্বৰ বসুমতাৰী, ভদ্ৰ বসুমতাৰীৰ উপৰি ৰেবতি বাগলাৰী আদি ন-পুৰণি শিল্পী সকলে অভিনয় কৰিছে।দৃশ্য গ্ৰহণত অংশগ্ৰহণ কৰিছে অভিজ্ঞ কেমেৰা পাৰ্চন সুৰশ বসুমতাৰীয়ে।সানজাৰি মধ্য মিংমাঙ ফ্লিম প্ৰডাকচনৰ বেনাৰত কম দিনৰ ভিতৰতে মুক্তি পাব লগা থাংখি চুটি ছবিখনৰ পৃষ্ঠপোষকতা কৰিছে ধেমাজি জিলা এবছুৰ সভাপতি শিৱৰাম বসুমতাৰী, বড়ো সাহিত্য সভাৰ গোগামুখ প্ৰাইমাৰী সমিতিৰ সহঃ সাধাৰণ সম্পাদক বিনোদ বসুমতাৰী আদি বহু কেইগৰাকী সমাজ সচেতন ব্যক্তিয়ে। গোগামুখ ঔগুৰী গাঁৱৰ সমাজকৰ্মী দিলিপ বসুমতাৰীৰ একমাত্ৰ পুত্ৰ স্নাতক ডিগ্ৰীধাৰী বিক্ৰম বসুমতাৰীয়ে ইয়াৰ আগতে ২০১৭ চনত মুক্তি পোৱা বড়ো বোলছবি ছায়া মায়া চিমাঙত সহঃ পৰিচালকৰ লগতে অভিনেতাৰ ভূমিকাত অভিনয় কৰে।বড়ো বোলছবি গাম্বাৰী(২০১৮),হাংমা (২০১৮),জিও ডাউৰী (২০১৯) বোলছবিত সহঃ অভিনয়ৰ জৰিয়তে শিল্পী গৰাকী নিজৰ প্ৰতিভাৰ উমান দি গৈছে যুৱ পৰিচালক, প্ৰযোজক তথা অভিনেতা বিক্ৰম বসুমতাৰীয়ে।

You might also like