নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়া-দুলীয়াজানত চাকি-বন্তি জ্বলাই ৰাম মন্দিৰ নিৰ্মাণৰ সফল প্ৰাৰ্থনা কৰিলে বিজেপিৰ সমৰ্থকে

নিয়মীয়া বাৰ্তা, ৫ আগষ্ট : সমগ্ৰ দেশত আজিৰ দিনটো এক ঐতিহাসিক দিন ৰূপে পৰিগণিত হৈছে । ৰাম জন্মভূমি অযোধ্যাত আজি ভূমি পূজনৰ জৰিয়তে শুভাৰম্ভ কৰা হ’ল ৰাম মন্দিৰৰ নিৰ্মান কাৰ্য।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত শুভাৰম্ভ কৰা হয় এই শিলন্যাস কাৰ্যসূচীৰ। ৰাম মন্দিৰৰ নিৰ্মান কাৰ্যৰ ভূমি পূজনৰ সমান্তৰাল ভাবে দেশৰ বিভিন্ন প্ৰান্তৰত মঠ মন্দিৰ সমূহত চাকি বন্তি জ্বলাই ভক্তসকলে ৰাম মন্দিৰ নিৰ্মাণৰ সফল ৰূপায়নৰ বাবে পূজা অৰ্চনা কৰে ।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰৰ লগতে নাহৰকটীয়াৰ বিভিন্ন মন্দিৰ আৰু নামঘৰ সমূহত চাকি-বন্তি জ্বলাই প্ৰাৰ্থনা কৰে বিজেপিৰ সদস্য তথা সমৰ্থকসকলে । বিজেপিৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি জগদীশ ৰাজকোঁৱৰ, জিলা সম্পাদক প্ৰীতম হাজৰিকা, নাহৰকটীয়া মণ্ডল যুৱ মৰ্চাৰ সভাপতি সিদ্ধাৰ্থ গগৈ সহ বিজেপিৰ কেইবাজনীয়া দলে নাহৰকটীয়াৰ হনুমান মন্দিৰ, ৰাম জানকী মন্দিৰ ঠাকুৰবাৰী, কালী মন্দিৰ, শিৱ মন্দিৰ, দীঘলা পথাৰ নামঘৰ, মিলন নগৰ-কছাৰী পথাৰ নামঘৰত চাকি-বন্তি জ্বলাই ঐতিহাসিক ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য যাতে সফল ৰূপায়ণ হয় তাৰ বাবে ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই ।

তদ্ৰুপ দুলীয়াজান ঊষাপুৰ যুৱ কল‍্যাণ উন্নয়ণ সমিতিৰ সভাপতি হিমাংশু বড়াৰ নেতৃত্বত সমিতিৰ কাৰ্যকৰ্তাসকলেও ঊষাপুৰ ঊষেশ্বৰ শিৱমন্দিৰত বন্তি প্ৰজ্বলন কৰি ৰাম মন্দিৰ নিৰ্মাণৰ সফল প্ৰাৰ্থনা জনাই ।

You might also like