নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰনগৰ কলেজৰ অধ্যাপক ড০ মাধুর্য বৰুৱাৰ মৃতদেহ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ বাক্সাৰ শিমলাগুৰি আৰক্ষী চকীৰ অন্তর্গত আঠিয়াবাৰী গাঁৱৰ পথাৰৰ পৰা আজি উদ্ধাৰ হয় এটি মৃতদেহ৷ মৃতদেহটো ড০ মাধুর্য বৰাৰ বুলি চিনাক্ত কৰা হৈছে৷ সৰভোগৰ বৰনগৰ কলেজৰ সহযোগী অধ্যাপক হিচাপে কর্মৰত আছিল ড০ মাধুর্য বৰা৷ যোৱা শিৱৰাত্রিৰ নিশাৰ পৰাই নিৰুদ্দেশ হৈ আছিল ড০ মাধুর্য বৰা৷ মৃতদেহটোৰ শৰীৰত আঘাতৰ চিন নাই যদিও কাষত এচিডজাতীয় দ্রব্য উদ্ধাৰ হৈছে৷

মৃত অধ্যাপকগৰাকীৰ ঘৰ লখিমপুৰ জিলাৰ ঢ়েকীয়াজুলিৰ বিষ্ণুপুৰত৷ তেওঁ বিগত ২০১৯ চনৰ পৰা বৰপেটাৰোডত ভাৰাঘৰত থাকি সৰভোগৰ বৰনগৰ কলেজত ৰসায়ন বিজ্ঞান বিষয়ত সহযোগী অধ্যাপক হিচাপে কাম কৰিছিল৷ তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে৷ অতি মেধাৱী অধ্যাপক ড০ মাধুর্য বৰাৰ মৃতদেহ উদ্ধাৰ হোৱাত বৰনগৰ মহাবিদ্যালয়ৰ শিক্ষক গোটৰ লগতে ছাত্র–ছাত্রীসকল শোকত ভাগি পৰিছে৷ পিছত শিমলাগুৰি আৰক্ষীয়ে ড০ মাধুর্য্য বৰাৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ কৰে৷

You might also like