নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লর্ডছত আজি ভাৰত-ইংলেণ্ডৰ এদিনীয়া শৃংখলাৰ নির্ণায়ক মেচ

ডিজিটেল ডেস্ক, ১৯ জুলাই : ঘৰুৱা দল ইংলেণ্ড আৰু টীম ইণ্ডিয়াৰ মাজৰ তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ তৃতীয় তথা নির্ণায়ক মেচখন আজি লর্ডছত অনুষ্ঠিত হ’ব৷ আজি শৃংখলাটোৰ নির্ণায়ক মেচখনত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব ৰোহিত শর্মাৰ ওপৰত৷

লর্ডছত হ’বলগীয়া মেচখনেই ৰোহিত শর্মাৰ কেৰিয়াৰৰ অন্তিমখন মেচ হ’ব বুলি উৰাবাতৰি চলি থকাৰ পিছতে হিটমেনক লৈ জল্পনা–কল্পনা আৰম্ভ হৈছে৷ কিয়নো, বিগত এদিনীয়া মেচ দুখনত ৰোহিত শর্মাই মাত্র ১১ আৰু ২৬ ৰানৰহে অৰিহণা আগবঢ়াইছিল৷ ইয়াৰ পিছতে তাৰকা বেটাৰগৰাকীৰ অৱসৰক লৈ আৰম্ভ হোৱা জল্পনা–কল্পনাৰ মাজত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে ৰোহিত শর্মা সন্দর্ভত স্থিতি স্পষ্ট কৰে৷

ব’ৰ্ডৰ সচিব দেৱজিৎ শইকীয়াই কয় যে ৰোহিত শর্মাই এদিনীয়া ক্রিকেটৰ পৰা এতিয়াই অৱসৰ লোৱাৰ কোনো সম্ভাৱনা নাই৷ ইপিনে, আজিৰ এই নির্ণায়ক মেচখনত টীম ইণ্ডিয়াৰ মূল একাদশত সামান্য সালসলনি হোৱাৰ সম্ভাৱনা আছে৷ আঘাতপ্রাপ্ত ৱাশ্বিংটন সুন্দৰৰ স্থানত কুলদীপ যাদৱক মূল একাদশত অন্তর্ভুক্ত কৰা হ’ব৷ ইফালে, অসুস্থ লোকেশ ৰাহুলেও পুনৰ মূল একাদশলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে৷

খেলৰ সময় : দিনৰ ৩.৩০ বজা৷

You might also like