নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূটানে এৰিলে কুৰিশ্বু বান্ধৰ পানী; বিপদসীমাৰ ওপৰেৰে বৈছে ব্রহ্মপুত্র–বেঁকী–কালদিয়া নৈ

নিয়মীয়া বাৰ্তা, ২৬ জুন: নেৰানেপেৰা বৰষুণ আৰু চুবুৰীয়া ৰাষ্ট্র ভূটানৰ কুৰিশ্বুু বান্ধৰ পানী এৰি দিয়াত বৰপেটা জিলাৰ মাজেৰে বৈ যোৱা ব্রহ্মপুত্র, বেঁকী, পহুমাৰা, মানাহ, নখান্দা, মৰাচাউলখোৱা, ভেলেংগী আৰু কালদিয়া নৈৰ পানী ক্রমান্বয়ে পুনৰ বাঢ়িবলৈ ধৰিছে৷ আজি পুৱা পুনৰ ভূটানৰ কুৰিশ্বু বান্ধৰ পানী এহেজাৰ ঘনমিটাৰ পানী এৰি দিয়াৰ পিছত পুনৰ আজি বিয়লি ২.৩০ বজাত ১৭০০ ঘন মিটাৰ পানী এৰি দিছে বুলি জিলা প্রশাসনৰ এটা সূত্রত প্রকাশ৷

  আবেলি জলসম্পদ বিভাগৰ পৰা পোৱা তথ্য মতে ব্রহ্মপুত্র, বেঁকী, পহুমাৰা আৰু কালদিয়া নৈৰ জলস্তৰ বিপদ সীমাৰ ওপৰেৰে বৈ আছে৷ ইপিনে বৰপেটা জিলা প্রশাসনে জিলাখনৰ নৈপৰীয়া লোকসকলক সতর্ক হৈ থাকিবলৈ আহ্বান জনাইছে৷ বিগত কিছুদিন ধৰি ভূটানত হৈ থকা প্রবল বৰষুণৰ ফলত চুবুৰীয়া ৰাষ্ট্রখনৰ কুৰিশ্বু নদীৰ জলৰাশি উফন্দি উঠাৰ লগতে জলৰাশি বান্ধৰ ওপৰেৰে প্রবাহিত হোৱাৰ খবৰ পোৱা গৈছে৷ ভূটান চৰকাৰৰ কুৰিশ্বু হাইড্র প্রকল্প প্লাণ্টৰ পানী এৰি দি থাকিলে নামনিত বানপানীৰ ব্যাপক প্রভাৱ পৰিব বুলি জানিব পৰা গৈছে৷৷

    ভূটানে পানী এৰি দিয়াত বৰপেটা জিলা আৰু বাগসা জিলাৰ মাজেৰে বৈ যোৱা বেঁকী নদীৰ জলপৃষ্ঠ লাহে লাহে বৃদ্ধি হ’বলৈ ধৰিছে আৰু নিশাৰ ভিতৰত পানী বঢ়াৰ আশংকা কৰা দেখা গৈছে৷ ইপিনে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্রৰ ৰূপসী মৌজাৰ বৰডাংগা আৰু জামেকুৰ অঞ্চলৰ লগতে জিলাখনৰ বহু অঞ্চল পানীয়ে লাহে লাহে অঞ্চলসমূহ বুৰাই পেলাইছে৷

You might also like