নিন্দু-পূর্ণেন্দু হত্যাকাণ্ডঃ দেৱোলাল গার্লোছাসহ ছয় অভিযুক্তৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি
নিয়মীয়া বাৰ্তা, ২৬ জুন: শীঘ্রে বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেৱলাল গার্লোছাৰ৷ পৰিষদখনৰ প্রাক্তন মুখ্য কার্যবাহী সদস্য পূর্ণেন্দু লাংথাছা আৰু কার্যবাহী সদস্য নিন্দু লাংথাছাৰ হত্যাকাণ্ডত অভিযুক্ত গার্লোছা আৰু আন পাঁচজনৰ বিৰুদ্ধে বিচাৰ প্রক্রিয়া চলোৱাৰ অনুমতি প্রদান কৰিছে ৰাজ্য চৰকাৰে৷
বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ অধিবক্তাই এই কথা সদৰী কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ক৷ ১৩ বছৰ পূর্বে সংঘটিত চাঞ্চল্যকৰ দ্বৈত হত্যাকাণ্ডৰ তদন্তৰ লেহেমীয়া গতিত অসন্তুষ্ট হৈ ডেনিয়েল লাংথাছাই দাখিল কৰা ৫১৭/২০২০ নম্বৰৰ লেখ আবেদনৰ শুনানিৰ সময়ত চৰকাৰী অধিবক্তাই সদৰী কৰা অনুসৰি কালি এই গোচৰটোৰ অভিযুক্তসকলৰ বিৰুদ্ধে বিচাৰ প্রক্রিয়া চলাবলৈ অনুমতি প্রদান কৰিছে ৰাজ্য চৰকাৰে৷ সমান্তৰালভাৱে বৃহস্পতিবাৰে তদন্তকাৰী আৰক্ষীয়ে হাফলঙৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দেৱলাল গার্লোছাৰ উপৰি মিপুত ৰাজিয়াং, মিহিৰ বর্মন, নিৰঞ্জন হোজাই, আথান হাপিলা আৰু সুব্রত থাউছেনৰ বিৰুদ্ধে ২/২০২০ নম্বৰৰ অভিযোগনামা দাখিল কৰিছে৷
উল্লেখ্য যে ২০০৭ চনৰ ৪ জুনত তদানীন্তন মুখ্য কার্যবাহী সদস্য পূর্ণেন্দু লাংথাছা আৰু কার্যবাহী সদস্য নিন্দু লাংথাছাক জুৱেল গার্লোছা নেতৃত্বাধীন ডি এইচ ডি উগ্রপন্থীয়ে হত্যা কৰিছিল৷ হাফলঙৰ পৰা ৬৫ কিলোমিটাৰ দূৰৰ ভিতৰুৱা অঞ্চল লাংলাই হাছনুত দুয়োজনকে দিন–দুপৰতে হত্যা কৰা হৈছিল৷ হাফলঙৰ কংগ্রেছ নেতা বি চি লাংথাছাৰ পুত্র পূর্ণেন্দুৰ হত্যাকাণ্ডই ৰাজ্যজুৰি ব্যাপক প্রতিক্রিয়া সৃষ্টি কৰিছে৷ এই গোচৰটোৰ তদন্ত প্রক্রিয়া আৰম্ভ হয় যদিও দোষীক কৰায়ত্ত কৰাত ব্যর্থ হয় আৰক্ষী৷ বিশেষকৈ এই গোচৰটো ভাৰতীয় দণ্ডবিধিৰ ১২১ আৰু ১২১–এ ধাৰাত সংযোজিত হৈ থকা বাবে ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হোৱা নাছিল আৰক্ষী৷ যাৰ বাবে এই গোচৰটোত চি বি আইৰ তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদনখন দাখিল কৰা হৈছিল৷ আজি আবেদনখনৰ শুনানিৰ সময়ত গার্লোছাৰ বিৰুদ্ধে বিচাৰ প্রক্রিয়া চলোৱাৰ অনুমতি প্রদান কৰাৰ লগে লগে তেওঁৰ গ্রেপ্তাৰৰ পথো প্রশস্ত হৈ পৰিল৷ অৱশ্যে আৰক্ষীয়ে কি ব্যৱস্থা গ্রহণ কৰে সেয়া হ’ব লক্ষণীয়৷