নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত শিক্ষাবিদ, সাহিত্যিক, সংগঠন, সাংবাদিকৰে মত বিনিময় অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ক উন্নতমানৰ বিশ্ববিদ্যালয় হিচাবে গঢ়ি তুলিব লাগিব । এই সপোন মোৰ আছে ।” -এই মন্তব্য নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ ।

আজি বিশ্ববিদ্যালয়খনৰ সভা গৃহত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: হিতেশ ডেকাৰ মত বিনিময় অনুষ্ঠানত অংশ গ্ৰহণ কৰি বিধায়ক ৰূপক শৰ্মাই এই মন্তব্য কৰি কয়- মোৰ বিধায়কৰ কৰ্ম সূচীত প্ৰথম নাম থাকিব এইখন বিশ্ববিদ্যালয়ৰ নাম । তেওঁ বিশ্ববিদ্যালয়খনৰ আন্ত গাঠনিকে ধৰি সকলো ব্যৱস্থাৰ উত্তৰণ কৰাৰ আশ্বাস প্ৰদান কৰে । তেওঁ লগতে নগাঁও চহৰৰ পৰা ধিংলৈকে গড়কাপ্তনী পথতো আহল বহল আৰু সুন্দৰ ভাবে নিৰ্মাণ কৰা হব বুলি ঘোষনা কৰে। যাতে গুৰুজনাৰ জন্মস্থান বটদ্ৰবা লৈ যাতায়ত ব্যবস্থা সুচল হয়। সভাৰ আৰম্ভনিতে উপাচাৰ্য ড: ডেকাই অনুষ্ঠানত অংশ গ্ৰহণ কৰা শিক্ষাবিদ কেবাখনো মহাবিদ্যালয়ৰ অধ্যক্ষ, দল সংগঠনৰ প্ৰতিনিধি , সাংবাদিক আদিক আদৰণি জনাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে ব্যাখ্যা দাঙি ধৰি কয়- মহাপুৰুষ জনাৰ সৃষ্টি ৰাজি সমাজৰ সকলো স্তৰৰ লোকৰ মাজলৈ লৈ যাব লাগিব । গুৰু জনাৰ আদৰ্শৰে আজি আমি প্ৰতিষ্ঠিত হৈছো ।

তেওঁ লগতে কয়- বিশ্ববিদ্যালয়খনৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান আছে । নগাঁৱৰ সমাজখনৰ লগত সেতু বন্ধন স্থাপন কৰি বিশ্ববিদ্যালয়খনৰ উন্নতি কৰিব পৰা যাব।অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ কাৰনে সংঘৰ সেই সময়ৰ পদাধিকাৰ কৰুণা কান্ত কলিতাই আচনী ঘোষণা কৰাৰ পৰা ব্যক্তিগত বিশ্ববিদ্যালয় আইন চৰকাৰে কিদৰে প্ৰনয়ন কৰে , কিদৰে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা হল , বিদ্যায়তনিক দিশ , আৰ্থিক দিশ আদিৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে ।

You might also like