নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘোচ লৈ দুৰ্নীতি নিবাৰকৰ হাতত হাতে-লোটে ধৰা পৰিল মৰিগাঁও উপায়ুক্ত কার্যালয়ৰ জ্যেষ্ঠ সহায়ক

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহণশীলতা নীতি ঘোষণা কৰিছে সেই সময়তো একাংশ চৰকাৰী বিভাগৰ বিষয়া কৰ্মচাৰীৰ মানসিকতাৰ যেন কোনো পৰিৱৰ্তন হোৱা নাই। আজি দিনৰ ১০.৩০ বজাত মৰিগাঁও উপায়ুক্ত কায্যলয়ৰ জ্যেষ্ঠ সহায়ক হৰেন্দ্ৰ কুমাৰ নাথ উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই জিলাখনত চৰ্চিত বিষয় হৈ পৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি মৰিগাঁও জিলাৰ গৰঙা বিলৰ নিবিদাৰ বাবে মায়ঙৰ ৰ ৰাম প্ৰসাদ চৰকাৰ আৰু তেওঁৰ সহযোগী সকলে এক লাখ পইসত্তৰ হাজাৰ টকা আমানটৰ ধন ডিমাণ্ড দ্ৰাফ্ট যুগে উপায়ুক্ত কাজলয়ত জনা দিছিল প্রায় এবছৰ পূৰ্বে। কিন্তু মৰিগাঁও জিলা বি জে পি ৰ সম্পাদক ৰাম প্ৰসাদ চৰকাৰে উক্ত বিল খন লাভ নকৰাত নিয়ম অনুযায়ী পূৰ্বে জমা দিয়া ধন খিনি উলিয়াবলৈ যোৱাৰ পিছত বাৰে বাৰে হৰেন্দ্ৰ কুমাৰ নাথৰ টেবুলত আহি ৰৈ যোৱাৰ ফলত তেওঁলোকে মৰিগাঁও উপায়ুক্তক ঘটনা সম্পৰ্কে অৱগত কৰে।

উপায়ুক্তগৰাকীয়ে অনতিপলমে উক্ত ধন খিনি দ্ৰাফ্টখন ৰাম প্ৰসাদ চৰকাৰক প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। কিন্তু ইয়াৰ পিছতো উপায়ুক্তৰ নিৰ্দেশ উলংঘা কৰি ধৃত হৰেন্দ্ৰ কুমাৰ নাথে দ্ৰাফ্ট খন মুকলি কৰি দিয়াৰ বিনিময়ত পাঁচ হাজাৰ টকা দাবী কৰে সেই অনুযায়ী দুদিন পূৰ্বে প্ৰথমে পাঁচ শ টকা লৈ। এই সমস্ত ঘটনা ভুক্ত ভুগি ব্যক্তি কেইজনে মাৰিগাঁৱৰ আৰক্ষী অধীক্ষক অপৰ্ণা নতৰাজনক অৱগত কৰাৰ পিছত আৰক্ষী অধীক্ষক গৰাকীৰ পৰামৰ্শ অনুসৰি গুৱাহাটীস্থিত দুৰ্নীতি নিবাৰক শাখাক জনোৱা হয়। সেই অনুসৰি আজি পুৱাই পৰিকল্পনা অনুসৰি ভুক্তভোগী ব্যক্তি কেইজনে তিনি হাজাৰ পাঁচ শ টকা দিয়াৰ সময়তে দুৰ্নীতি নিবাৰক ৰ এক অভিযান কৰি দলে হৰেন্দ্ৰ কুমাৰ নাথক গ্ৰেপ্তাৰ কৰে।

You might also like