নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত জিলা প্ৰশাসন আৰু জিলা সাংবাদিক সংস্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰঃ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আজি মৰিগাঁও জিলাতো জিলা প্ৰসাশনৰ সহযোগত আৰু মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ উদ্যোগত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।এই অনুষ্ঠানতে আজি জিলাখনৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে পুৱা ১১ বজাত স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ সাংবাদিক জগদীশ নাথে।ইয়াৰ পিছতে মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ ভাৰপ্ৰাপ্ত সভাপতি জাকিৰ হুছেইনৰ সঞ্চালনাত “সংবাদ মাধ্যমক কোনে সমীহ নকৰে” শীৰ্ষক আলোচনা চক্ৰখন উদ্বোধন কৰে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষিতিশ চন্দ্ৰ পেগুৱে। অনুষ্ঠানটোত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অৰ্পনা নটৰাজন। লগতে অতিৰিক্ত উপায়ুক্ত দ্বয় গৰ্গ মোহন দাস,ৰিংখাং মুছাহাৰী(ভাৰপ্ৰাপ্ত জিলা জনসংযোগ বিষয়া) দুগৰাকীও উপস্থিত থাকে।

আনহাতে আলোচক হিচাপে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকা,প্ৰাক্তন সভাপতি বুবুমণি গোস্বামী,মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি বিৰিঞ্চি শৰ্মা উপস্থিত থাকে।সভাখনৰ উদ্দেখ্য ব্যাখ্যা কৰে মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সম্পাদক জিতুমণি নাথে।বিশিষ্ট অতিথিৰ ভাষণ আগবঢ়াই আৰক্ষী অধীক্ষক অৰ্পনা নটৰাজনে। আনহাতে আলোচনা চক্ৰ খনত সংবাদ মাধ্যম হৈছে ৰাইজৰ বন্ধু।সংবাদ মাধ্যমত কাম কৰা মানুহখিনি সকলোতকৈ নিমাখিত।তেওঁলোকৰ হাতত একমাত্ৰ কলমটোহে থাকে বুলি কয় আলোচক প্ৰতাপ হাজৰিকাই।বৰ্তমান সময়ত সংবাদ মাধ্যম পেছা নহয় নিচাত পৰিণত হৈছে।মফচলীয়া সাংবাদক সকলক দৰমহাৰ ক্ষেত্ৰত মালিক পক্ষই একে নীতিকেই পালন কৰি আহিছে আৰু সাংবাদিক সকলক দৰমহা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব ৷

input: মানস নাথ, বাৰপূজীয়া ৷

You might also like