নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত ঘৰুৱা গেছ পাইপ লাইন প্ৰকল্পৰ আধাৰশিলা স্থাপন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

ই- শ্ৰম কাৰ্ডৰ পঞ্জীয়ন শিবিৰ মুকলি

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ মৰিয়নিবাসীৰ বাবে সুখবৰ । মৰিয়নিবাসীয়ে অতি শীঘ্ৰেই পাইপ গেছৰ ঘৰুৱা সংযোগ লাভ কৰিব । আজি মৰিয়নি মহাবিদ্যালয়ৰ কলা শাখাৰ প্ৰাঙ্গনত পাইপ গেছৰ ঘৰুৱা সংযোগ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ভাৰত চৰকাৰৰ তেল আৰু প্ৰাকৃতিক গেছ তথা শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । এই অনুষ্ঠানতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰত চৰকাৰৰ অন্তৰ্গত অসংগঠিত শ্ৰমিকসকলৰ বাবে ই- শ্ৰম কাৰ্ড প্ৰদানৰ বাবে শ্ৰমিকৰ পঞ্জীয়ন শিবিৰৰো ফিটা কাটি মুকলি কৰে । এই উপলক্ষ্যে মৰিয়নি মহাবিদ্যালয়ৰ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত এক সভা অনুষ্ঠিত হয় ।

সভাত বক্তব্য প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয়- সকলো লোকেই ঘৰুৱা পাইপ গেছৰ সুবিধা ল’ব পাৰে তাৰ ব্যৱস্থা কেন্দ্ৰীয় আৰু অসম চৰকাৰে কৰিছে । মন্ত্ৰীগৰাকীয়ে লগতে দুই-এদিনতে এই ঘৰুৱা পাইপ গেছৰ লাইনৰ সংযোগ দিয়াৰ কাম আৰম্ভ হ’ব বুলিও উল্লেখ কৰে । উল্লেখ্য যে ঘৰুৱা পাইপ গেছৰ সংযোগৰ বাবে ৫০০ টকাৰে আবেদন কৰিব লাগিব । মাত্ৰ ৫০০ টকা প্ৰদান কৰিলেই হ’ব । ইয়াৰ বাদে প্ৰতিগৰাকী গ্ৰাহকে মাহে ৯০ টকাকৈ দহবছৰৰ বাবে মাহেকীয়া কিস্তি হিচাপত পইচা আদায় দিব লাগিব বুলি বিভাগীয় বিষয়াই জানিবলৈ দিছে ।

ইফালে, ই শ্ৰম কাৰ্ডৰ পঞ্জীয়ন শিবিৰৰ উদ্বোধন কৰি মন্ত্ৰী গৰাকীয়ে কয়- সমগ্ৰ দেশৰ ৩৮ কোটি অসংগঠিত শ্ৰমিক লোকক এই কাৰ্ডৰ জৰিয়তে সামৰি লোৱা হ’ব । ইতিমধ্যে ৯ কোটি তেনে লোকক কাৰ্ড প্ৰদান কৰা বুলিও তেওঁ উল্লেখ কৰে । অসমৰ এক কোটি লোককো ই- শ্ৰম কাৰ্ড প্ৰদানৰ লক্ষ্য কৰি লোৱা হৈছে । মৰিয়নি সমষ্টিৰ অতি কমেও দহ হাজাৰ তেনে লোকৰ কাৰ্ড বনাই পঞ্জীয়ন কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে ঘোষনা কৰে ।

আনহাতে, পঞ্জীয়নভুক্ত হোৱা অসংগঠিত শ্ৰমিকৰ দুই লাখ টকাৰ বীমা হ’ব । দুৰ্ঘটনাত মৃত্যু হ’লে তেওঁৰ পৰিয়ালে দুই লাখ টকা লাভ কৰাৰ বিপৰীতে আহত হ’লে এক লাখ টকালৈকে লাখ কৰিব তেনে পঞ্জীয়নভুক্ত অসংগঠিত শ্ৰমিকে । এই কাৰ্ডৰ বাবে ১৪ বছৰৰ পৰা ৫৯ বছৰ বয়সৰ লোকে এই কাৰ্ড বনাব পাৰিব ।

উল্লেখ্য যে, অসংগঠিত শ্ৰমিকসকলৰ সামাজিক নিৰাপত্তা প্ৰদানৰ বাবে এক ৰাষ্ট্ৰীয় তথ্যকোষ প্ৰস্তুত কৰি থকা হৈছে আৰু ইতিমধ্যে যোৰহাট জিলাত প্ৰায় ৩৬,৭০০ গৰাকী লোকক পঞ্জীয়নভুক্ত কৰা হৈছে । অতি শীঘ্ৰেই বাকী থকা তেনে লোকৰো পঞ্জীয়ন কৰা হ’ব বুলি বিভাগীয় বিষয়াই জানিবলৈ দিছে । ইয়াৰ পূৰ্বে যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে আদৰণি ভাষন প্ৰদান কৰা সভাখনত শলাগৰ শৰাই আগবঢ়াই মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । সভাখনত অসম গেছ কোম্পানী লিমিটেডৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ, অসম গেছ কোম্পানী লিমিটেডৰ মাৰ্কেটিং মহাপ্ৰৱন্ধক মনোজ বৰুৱা, যোৰহাটৰ সহকাৰী শ্ৰম আয়ুক্ত জগত জীৱন দত্তয়ো বক্তব্য প্ৰদান কৰে । তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, অসম গেছ কোম্পানী লিমিটেডৰ জ্যেষ্ঠ প্ৰৱন্ধক মনোজ কুমাৰ বৰদলৈ, ডিব্ৰুগড় বিমান বন্দৰ প্ৰাধিকৰণৰ সদস্য সত্যনাৰায়ন আগৰৱালা, মৰিয়নি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৰেন শইকীয়া, মৰিয়নি জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ধীৰেন্দ্ৰ নাথ দত্ত আদি উপস্থিত থকা সভাখনত আজি পঞ্জীয়ন কৰা বহুকেইজন অসংগঠিত শ্ৰমিকক কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীসহ আন আমন্ত্ৰিত অতিথিসকলে ই-শ্ৰম কাৰ্ড প্ৰদান কৰে । ইফালে ই-শ্ৰম কাৰ্ড পঞ্জীয়ন শিবিৰত আজি কেবা শতাধিক লোকে নিজৰ নাম পঞ্জীয়ন কৰে ।

You might also like