নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিদুৱাৰ এম ই এচত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ শোণিতপুৰৰ চাৰিদুৱাৰস্থিত এম ই এচত আজি এডাল প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ হয় । জানিব পৰা মতে, আজিপুৱা এম ই এচ কাৰ্যালয় পথৰ দাঁতিত এডাল প্ৰকাণ্ড অজগৰ প্ৰত্যক্ষ কৰে স্হানীয় একাংশ লোকে । লগে লগে খবৰ দিয়া হয় চাৰিদুৱাৰ বন বিভাগৰ লোকক । পাছত ঘটনাস্হলীত উপস্হিত হৈ বনকৰ্মীৰ লগতে সাংবাদিকৰ দলে স্হানীয় লোকৰ সহযোগত উদ্ধাৰ কৰে অজগৰডাল । অজগৰডালৰ দৈৰ্ঘ্য ১৫ ফুট আৰু ওজন ২৫ কিলোগ্ৰাম | পাছত উদ্ধাৰকৃত সাপডাল বালিপৰা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া হয় ।

You might also like