নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰকৈ অনুভৱ কৰিছোঁ তোমাৰ অভাৱ

-প্রণয় ফুকন

হঠাৎ নীৰৱ হয় পৰিচিত
পখীৰ ক্রন্দন/ পকা ফল সৰি পৰে ইমান নীৰৱে যে/ গছে তাৰ গমকে নাপায়…
– হোমেন বৰগোহাঞি

তোমাৰ এই কবিতাৰ পংক্তিটো তোমাৰ ক্ষেত্রত সঁচা নহয় হে, যুগদ্রষ্টা, যুগনায়ক, প্রজ্ঞাৰ সাধক৷ যোৱা সাতোটা মাহত বৰ বেছিকৈ ক্রমান্বয়ে আৰু বেছিকৈ অনুভৱ কৰিছোঁ তোমাৰ অভাৱ৷ তোমাৰ অনাবিল সৃষ্টিৰে সম্পূর্ণ সাতটা দশক মুগ্ধ কৰি ৰাখিছিলা অসমৰ মানুহক, সংপৃক্ত কৰি ৰাখিছিলা অসমীয়া সাহিত্যৰ আকাশ৷ তোমাক পাহৰিব নোৱাৰে অসমীয়া জাতিয়ে৷ দিনে দিনে তুমি জিলিকি উঠিবা উজ্জ্বল নক্ষত্রৰ দৰে৷ তুমি মৃত্যুঞ্জয়ী৷
মোৰ দৰে সহস্রজনক তুমি দৈনন্দিন জীৱনৰ সংকীর্ণতাৰ পৰা বুটলি আনি ল’বলৈ দিছিলা ধ্রুপদী জীৱনৰ স্বাদ৷ তোমাৰ পুস্পল আশ্রয়তে মোৰ দৰে বহুতৰে আৰম্ভ হৈছিল সাহিত্যৰ জগতত নিৰুপম যাত্রা৷ কি নাছিলা তুমি, এক প্রচণ্ড জীৱন বিলাসী, এক নিঃসংগ সন্ন্যাসী, অথচ প্রচণ্ড সংসাৰী, যাদুকৰী গদ্যকাৰ, হূদয়সংবাদী এক নির্জন কবি, নির্ভীক নিৰপেক্ষ সংবাদসেৱী৷ তুমি শিকাইছিলা জীৱন যাপন আৰু জীৱন উদ্যাপনৰ পার্থক্যৰাজি৷ কিমান অবিনাশী স্মৃতি আছে তোমাৰ স’তে৷ যোৱা সাতোটা মাহ বৰকৈ মিছ কৰিছোঁ তোমাক৷ সেইবোৰ মাদকতা ভৰা সন্ধিয়া, তোমাৰ স’তে কবিতাৰ আড্ডা, কি প্রচণ্ড স্মৃতিশক্তিৰে খোকোজা নলগাগৈ গাই যোৱা ৰবীন্দ্রনাথ, জীৱনানন্দ, যতীন দুৱৰা, শ্যেলী, কিট্ছ, উইলিয়াম কাৰলোছ উইলিয়াম, পাবলো নেৰুডা, এমিলি ডিকিনছন৷ কি মায়াময় ছায়াচ্ছন্ন চিৰতৰুণ কণ্ঠস্বৰ৷ মহৎ লোকৰ উক্তিৰে সংপৃক্ত তোমাৰ প্রজ্ঞাপুষ্ট কথা৷ কোনো বিষাদ নাই, নিন্দা নাই, কেৱল আনন্দ আৰু আশাৰে ভৰা মিঠা কথোপকথন৷ মৃদু পোহৰত আলোকিত হৈ উঠা তোমাৰ দয়াশীল মুখমণ্ডল৷ বৰকৈ অভাৱ অনুভৱ কৰিছোঁ তোমাৰ৷ তোমাৰ কবিতাৰেই কওঁ–‘ইয়াত সময় স্তব্ধ, মৌন ইতিহাস/ হাজাৰ সূর্যৰ মৃত্যু, অনেক আকাশ…’৷ সেয়েহে তোমাৰ বৌদ্ধিক, প্রতিভাৰ সর্বগ্রাসী প্রভাৱ বৰ প্রয়োজন এতিয়া ইয়াত৷ কোনে অস্বীকাৰ কৰিব পাৰে তুমি সৃষ্টি কৰা সাহিত্য আৰু সাংবাদিকতাৰ নতুন ধাৰা? কোনে অস্বীকাৰ কৰিব পাৰে তোমাৰ অনুকৰণীয় কথনশৈলী আৰু লিখনশৈলী৷ তোমাৰ কোনো ধর্ম নাছিল, তুমি আছিলা কেৱল যুক্তিবাদ আৰু মানৱতাবাদত বিশ্বাসী এক কর্মযোগী৷
অসমখনক, অসমীয়াক বৰ ভাল পাইছিলা তুমি৷ তোমাৰ বিশাল সৃষ্টিৰাজি আৰু কর্মৰ মাজত নিহিত হৈ আছে তাৰ সাক্ষী৷ অসমৰ চুকে–কোণে, পাহাৰে–ভৈয়ামে কোনখন নদীয়ে চিনি নাপায় তোমাক? নৈ–গছ–ৰণ্য, বিল–চৰাই চিৰিকটি–বতাহ সকলোৱে অনুভৱ কৰিছে তোমাৰ অভাৱ৷ নিসর্গৰ স’তে তোমাৰ সেইবোৰ সান্নিধ্য, বিচৰণ, কেতিয়াবা কেৱল নীৰৱতা, অৰণ্যৰ মাজত চৰাই আৰু গছৰ মাত, নদীৰ বুকুত উদ্দেশ্যবিহীন নৌকা বিহাৰ, নদীৰ বুকুত সূর্যাস্ত চাই কৰুণ হৈ উঠা তোমাৰ দুচকু, পানীৰ ওপৰত উৰি–ফুৰা জিঞা দেখি বিভোৰ হৈ পৰা, সেইবোৰ অনেক স্মৃতিৰ সাক্ষী মই আৰু মোৰ দৰে বহুতো অনুৰাগী৷ মৃত্যুৱে তোমাক আঁতৰ কৰিব নোৱাৰে আমাৰ পৰা, অসমীয়াৰ উমাল বুকুৰ পৰা৷
তুমি সকলোৰে মংগলৰ হকে কাম কৰিছিলা৷ কেৱল সাহিত্য আৰু সাংবাদিকতাই নহয়, কৰুণাধাৰাৰ দ্বাৰা কত আর্তজনৰ জীৱনলৈ কঢ়িয়াই আনিছিলা আশাৰ সঞ্চাৰ৷ কোনে পাহৰিব এইবোৰ কথা৷ সঁচাকে কবি নৱকান্তই কোৱাৰ দৰেই তুমি আমাক দেখুৱাই গ’লা বিচিত্র ট্রেপিজ ঃ
‘সত্যসন্ধ হোমেনৰ লগত কথা পাতিব খুজিছিলো/ পৱিত্র মেৰীৰ লিলি ফুল পাহিৰ / কিন্তু সকলো আবদ্ধ থাকিল সৰিয়হ ফুল আৰু মোৰ নেদেখা মিচিং কনেঙৰ কলাফুলত / মই বহুৱালি কৰি থাকোঁতেই হোমেনে দেখুৱাই গ’ল / কি বিচিত্র ট্রেপিজ৷’

সেউজপুৰ, ডিব্রুগড়, ফোন: ৯৪৩৫০–৩১৭৩২

You might also like