নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাত কুখ্যাত ডকাইত আশ্ৰৱ আলীক গ্ৰেপ্তাৰ; কয়লা ব্যৱসায়ীৰ ঘৰত লুটিছিল ধন-সোন

নিয়মীয়া বাৰ্তা, ১৮ নবেম্বৰঃ বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত  কাবাইটাৰীত সংঘটিত ডকাইতি কাণ্ডৰ লগত জড়িত পুনৰ এজন কুখ্যাত ডকাইতক যোগীঘোপা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।ধৃত কুখ্যাত ডকাইতজন চিৰাং জিলাৰ ঢালিগাঁৱ থানাৰ অন্তৰ্গত হাচলাবাৰীৰ আশ্ৰৱ আলী(২২) বুলি আৰক্ষী সূত্ৰে জনা গৈছে ।জানিব পৰা মতে, কালি যোগীঘোপা আৰক্ষীৰ এটা দলে ঢালিগাঁৱত অভিযান চলাই কুখ্যাত ডকাইতটোক গ্ৰেপ্তাৰ কৰে ।ঘটনা সন্দৰ্ভত যোগীঘোপা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুখেশ ঘোষে সংবাদ মাধ্যমৰ আগত জনোৱা মতে, যোৱা ২৯ অক্টোবৰৰ নিশা কাবাইটাৰী কয়লা ব্যৱসায়ী আব্দুল কাদেৰ মজুমদাৰৰ ঘৰত ডকাইতি কাণ্ড সংঘটিত হৈছিল । ঘটনা সন্দৰ্ভত আব্দুল কাদেৰ মজুমদাৰে যোগীঘোপা থানাত এখন এজাহাৰ দাখিল কৰিছিল ।এজাহাৰৰ ভিত্তিত যোগীঘোপা আৰক্ষীয়ে ১৮১/২০২২ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি অধিক তৎপৰতাৰে তদন্ত আৰম্ভ কৰে ।আৰক্ষী বিষয়া গৰাকী জনোৱা মতে, ব্যৱসায়ী আব্দুল কাদেৰ মজুমদাৰৰ পত্নী ৰুকীয়া খাতুন মজুমদাৰ কাবাইটাৰী পঞ্চায়তৰ সভানেত্ৰী  হোৱা হেতুকে প্ৰায় প্ৰতিদিনে তেওলোকৰ বাসগৃহত বিভিন্ন প্ৰান্তৰ লোকৰ নিশাপৰ্যন্ত আহ-যাহ চলে । এনে পৰিপ্ৰেক্ষিতত ডকাইতৰ দলটোৱে এই সুযোগ গ্ৰহণ কৰি দলটোৰ তৌফিকা ৰহমান নামৰ মহিলা গৰাকীয়ে উক্ত নিশা ব্যৱসায়ী কাদেৰ মজুমদাৰৰ বাসগৃহলৈ যায় ।মহিলা গৰাকীয়ে অতি গোপনে সুযোগ বুজি নিশাৰ আহাৰৰ সৈতে চেতনানাশক দ্ৰব্য মিহলাই ৰাখে ।উক্ত খাদ্য কাদেৰ মজুমদাৰৰ পৰিয়ালৰ লোকে খোৱাৰ পিছতে অচেতন হৈ পৰে ।পিছত উক্ত নিশাই ডকাইতৰ দলটোৱে কাদেৰ মজুমদাৰৰ ঘৰত প্ৰৱেশ কৰি নগদ ধন ,সোন-ৰূপৰ আ-অলংকাৰ লুটি কৰি নিয়ে ।আনহাতে বিষয়া গৰাকীয়ে জনোৱা মতে, আৰক্ষীৰ তদন্তত ঘটনাৰ লগত জড়িত থকা ছয়জনকৈ লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা কেইজন ক্ৰমে- তৌফিকা ৰহমান (কাবাইটাৰী) ,আকতাৰ হুছেইন (সাতশ বিঘা চৰ), মকবুল হুছেইন( সাতশ বিঘা চৰ) ,সাহিদা খাতুন (কায়েথপাৰা ) আব্দুল হামিদ মিঞা ( নাম্বাৰ পাৰা ) আৰু আকিদা খাতুন ( গোৱালপাৰা) বুলি জনা গৈছে ।পিছত আৰক্ষীয়ে ঘটনাৰ লগত জড়িত কুখ্যাত ডকাইত আশ্ৰৱ আলীক গ্ৰেপ্তাৰ কৰি অধিক তদন্ত অব্যাহত ৰাখিছে ।উল্লেখ্য যে,কাবাইটাৰীত সংঘটিত ডকাইতি কাণ্ডৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল । যোগীঘোপা থানাত সুখেশ ঘোষে  ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়াৰ দায়িত্ব লাভ কৰিয়েই ডকাইত কাণ্ডটোৰ লগত জড়িত থকা সাতজনকৈ লোকক অতি কম দিনৰ ভিতৰত গ্ৰেপ্তাৰ কৰাত স্থানীয় ৰাইজে বিষয়া গৰাকীক ভূয়সী প্ৰশংসা কৰে ।

টিংকু চন্দ্ৰ দাস, যোগীঘোপা 

You might also like