নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত অসমীয়া জাতিৰ ঐতিহ্য আৰু বিৱৰ্তনৰ বক্তৃতানুষ্ঠান

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰ:  “যি জাতিৰ এক অন্যতম শক্তিশালী ঐতিহ্য আছে, সেই জাতিৰ বিলুপ্তি ইমান সহজ নহয় ৷ টিভি, কাকত, ম’বাইল ফোনে আধুনিক জাতিৰ সৃষ্টি কৰিছে” এই তাৎপৰ্যপূৰ্ণ মন্তব্য তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ মুৰব্বী অধ্যাপক চন্দন কুমাৰ শৰ্মাৰ ৷ আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ উদ্যোগত আয়োজিত “অসমীয়া জাতিৰ ঐতিহ্য আৰু বিৱৰ্তন” শীৰ্ষক এক বক্তৃতানুষ্ঠানত অংশলৈ অধ্যাপকগৰাকীয়ে এই মন্তব্য কৰে ৷ লগতে তেওঁ আৰু কয় – “সাধু, বুৰঞ্জী, গ্ৰন্থ অধ্যয়ন নকৰিলে জাতিৰ ঐতিহ্য সম্পৰ্কে ধাৰণা লাভ কৰিব নোৱাৰি ৷ ঐতিহ্যৰ ৰূপান্তৰ হয় ৷ এটা জাতিৰ ঐতিহ্য প্ৰতিষ্ঠাৰ বাবে ইয়াৰ কিংবদন্তি চৰ্চা কৰা অতি প্ৰয়োজন ৷ লগতে তেওঁ অসমীয়া জাতি গঠনত শক্তিশালী ভূমিকা গ্ৰহন কৰা ব্যক্তিৰ লগতে লিপিসমূহৰ তথ্যসমৃদ্ধ আৰু মনোগ্ৰাহী ভাষণ আগবঢ়ায় ৷ সমাজতত্ব বিভাগৰ ছাত্ৰী বিজুমণি বৰাই আঁতধৰা অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই বিভাগটোৰ মুৰব্বী ড° কৰবী কোঁচে অনুষ্ঠানলৈ সকলোকে স্বাগতম জনায় ৷ অনুষ্ঠানটোত উপস্থিত থাকি বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক অধ্যাপক মৃণাল কুমাৰ বৰাই সামগ্ৰীকভাৱে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত সহায় কৰা বিভিন্ন উপাদান, অষ্ট্ৰিক, মংগোলয়ড, তীব্বতীয়সকলৰ অবদান তথা এটা জাতি গঠনৰ বাবে প্ৰয়োজনীয় দিশ সমূহৰ ব্যাখ্যা আগবঢ়াই ৷ শেষত, বিভাগটোৰ সহকাৰী অধ্যাপক ড° পাৰ্থ প্ৰতিম বৰুৱাই শলাগৰ শৰাই আগবঢ়ায় ৷

You might also like