নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন স্থগিত

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ কাইলৈ অৰ্থাৎ ২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন স্থগিত ৰখা হৈছে । ক’ভিড পৰিৱেশ আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, ৰাজ্য চৰকাৰৰ এচ.অ’.পি ৰ প্ৰতি গুৰুত্ব দি বিশ্ববিদ্যালয়খনৰ প্ৰথমখন প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন স্থগিত কৰা হৈছে বুলি সংবাদ মাধ্যমক জনাইছে আয়োজক সমিতিৰ সভাপতি অখিল কুমাৰ বৰা আৰু সম্পাদক গৌৰী প্ৰসাদ শৰ্মা । পৰিৱেশ সুস্থিৰ হ’লে পুনৰ এই সন্মিলন আয়োজন কৰা হ’ব বুলিও আয়োজক সমিতিয়ে জনাইছে ৷

You might also like