নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰ মেডিকেলত কেথ লেবৰ সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ  বৰাক উপত্যকাৰ চিকিৎসা ক্ষেত্ৰত আজিৰ দিনটো বিশেষ দিন হিচাপে স্মৰণীয় হৈ থাকিব। আজি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কাৰ্ডিঅ’লজী বিভাগত ৫.৩৯ কোটি টকা ব্যয়েৰে স্থাপিত কেথ লেবৰ সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই এই মন্তব্য কৰে ৷ তেওঁ কয়, এই পৰীক্ষাগাৰটোৱে বৰাক উপত্যকাৰ হৃদৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সহায় আগবঢ়াব৷ গুৰুতৰ হৃদৰোগৰ চিকিৎসাৰ বাবে এতিয়া এছ এম চি এইচত কেথ লেবৰ সৈতে এঞ্জিঅ’প্লাষ্টিৰ দৰে সুবিধাও উপলব্ধ হ’ব। ৷তেওঁ কয়, আজিৰে পৰা এছ এমচি হাস্পতালত নিউৰোছাৰ্জাৰি, কাৰ্ডিওলজি সহ অতি জৰুৰী সেৱা সমূহ সকলোৰে বাবে উপলব্ধ হব ৷ কেথলেব স্হাপনৰ পিচতে বিভাগটোত নিয়মীয়া ভাবে এজন নিউৰো ছাৰ্জনো থাকিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷এইদিনা শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসক সকলৰ বাবে ৫০ বেডেড এটা হোষ্টেলও মুকলি কৰে মুখ্যমন্ত্ৰীয়ে। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মূখ্যমন্ত্ৰীয়ে লগতে আৰু কয় যে এছ এমচি এইচ নিৰ্মাণ কৰি থকা এশ বিচনা যুক্ত হাস্পতালখনৰ কাম অতি শীঘ্ৰই সম্পন্ন কৰা হ’ব ৷ তদুপৰি, ডেন্টেল কলেজ নিৰ্মাণৰ কাম অহা বছৰ আৰম্ভ কৰা হব ৷ ইতিমধ্যে ডেন্টেল কলেজৰ বাবে প্ৰয়োজনীয় মাটি ঠিক কৰা হৈছে ৷ইফালে, ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা দ্ৰুত হাৰত বৃদ্ধি পোৱাত উদ্বেগ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৷ ৰাজ্যত কভিড পৰিস্হিতি ভাল নহয় বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় – হাস্পতালত চিকিৎসা হোৱা কৰোনা ৰোগীৰ সংখ্যা মাত্ৰ বাৰ শতাংশ ৷ গতিকে এনে পৰিস্হিতিত নতুন এছওপি জাৰি কৰাৰ কথা চিন্তা কৰা নাই ৰাজ্য চৰকাৰে ৷

ইফালে, কাছাৰ জিলাৰ ধলাই সমষ্টিত স্হাপন হব লগা চিৰিয়াখানা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে – চাফাৰি নাম দিয়া হৈছে যদিও এখন চিৰিয়াখানাই হব ৷ পাৰ্থক্য এইটোৱে যে জন্তুসমূহ মুকলি ভাবে বিচৰণ কৰিব, দৰ্শনাৰ্থীয়ে চাফাৰি আৰু অন্যান্য বাহন উঠি জন্তু বোৰ পৰিদৰ্শন কৰিব ৷ ২৭০ কোটি টকা ব্যয়েৰে নিৰ্মান হ’ব লগা এই চিৰিয়াখানাখনৰ কাম অহা বছৰ আৰম্ভ হব ৷ অনুৰূপ চিৰিয়াখানা এখন ডিব্ৰুগড়তো স্হাপন হব বুলি সদৰী কৰে মূখ্যমন্ত্ৰীয়ে ৷

ইফালে, কংগ্ৰেছ আৰু এআইইউডিএফৰ কেবাজনো বিধায়কে ইতিমধ্যে বিজেপিতে যোগদান কৰাৰ পিচত পুনৰ একাংশ বিৰোধী বিধায়ক বিজেপিত যোগদানৰ কুজকাৱাজ চলাই আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অৱশ্যে বৰাকৰ কোনো বিৰোধী বিধায়কৰ বিজেপিত যোগদানৰ সম্ভৱনা নাই বুলি তাৎপৰ্য মন্তব্য কৰে ৷ ইফালে, বৰাকত কয়লা আৰু চুপাৰিৰ অবৈধ ব্যৱসায় বন্ধ কৰাৰ ক্ষেত্ৰত চৰকাৰে এখন নতুন এছওপি জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে ৷ ৰাইজৰ মতামতৰ ভিত্তিত প্ৰস্তুত কৰা হব এই নতুন এছঅপি ৷ এছঅপি প্ৰস্তুতৰ বাবে বৰাকবাসীৰ মতামত গ্ৰহণ কৰিবলৈ শীঘ্ৰই বৰাকলৈ আহিব দুই মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু চন্দ্ৰমোহন পাটোৱাৰী ৷

আনহাতে শিলচৰ চহৰত এখন উৰনীয়া সেতু নিৰ্মাণৰ বাবে পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সাংবাদিকে সোৱৰাই দিয়াত মূখ্যমন্ত্ৰীয়ে কয় উৰনীয়া সেতু নিৰ্মাণ কৰিবলৈ হলে শিলচৰ চহৰত বহুতো বাসগৃহ ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ কৰিব লাগিব ৷ লগতে কাছাৰৰ ডলুত স্হাপন হব লগা প্ৰস্তাবিত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ বিমান কোঠ নিৰ্মাণ কৰা হ’ব বুলি কয়।

উল্লেখ্য যে আজি অনুষ্ঠানত মন্ত্ৰীদ্বয় পৰিমল শুক্লবৈদ্য, অশোক সিংহল, সাংসদ ডা: ৰাজদীপ ৰয়, বিধায়কদ্বয় কৌশিক ৰায়, দীপায়ন চক্ৰৱৰ্তী, এছ এম চি এইচৰ অধ্যক্ষ কৰিমুদ্দিন বৰভূঞাৰ লগতে এছ এম চি এইচৰ অধ্যাপক-অধ্যাপিকাসকল উপস্থিত আছিল।

You might also like