নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শোণিতপুৰ জিলা কলেজ কৰ্মচাৰী সন্থাৰ চতুৰ্দশ দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ ৰঙাপৰা মহাবিদ্যালয় কলেজ কৰ্মচাৰী সন্থাৰ গোটৰ আতিথ্যত শোণিতপুৰ জিলা কৰ্মচাৰী সন্থাৰ চতুৰ্দশ দ্বিবাৰ্ষিক অধিবেশন খনি সফলতাৰে কালি অনুষ্ঠিত হয়। পুৱা ৯ বজাত কলেজ কৰ্মচাৰী সন্থা আৰু ৰঙাপৰা মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে ক্ৰমে শোণিতপুৰ জিলা কৰ্মচাৰী সন্থাৰ সভাপতি চিত্তৰঞ্জন কাকতি আৰু ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড. ৰঞ্জন কলিতাই। ১০ বজাত কাৰ্যনিবাহক সভা, ১১ বজাত প্ৰতিনিধি সভা আৰু নতুন সমিতি গঠনৰ পাচৰ বিষয় বাচনি সভা অনুষ্ঠিত হয়। ১২ বজাৰ পৰা আৰম্ভ হোৱা মুকলি সভাত সভাপতিত্ব কৰে জিলাৰ সভাপতি চিত্তৰঞ্জন কাকতিয়ে।মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰঙাপৰা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড. চাৰু চহৰীয়া নাথ ,নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ সভাপতি ৰমনী ৰাজবংশী আৰু মুখ্য পৃষ্ঠপোষক মহাবিদ্যালয়ৰ অধ্যক্ষ ড. ৰঞ্জন কলিতাই।সভাত কৰ্মচাৰী সন্থাৰ বিভিন্ন অভাৱ অভিযোগ সমস্যা আদিৰ আলোচনাৰ লগতে শৈক্ষিক উন্নয়নৰ দিশতো বিস্তৃত আলোচনা কৰা হয়। অধিবেশনত পৰৱৰ্তী কাৰ্যকালৰ বাবে সভাপতি ৰূপে লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ কোকিল ভৰালী আৰু সম্পাদক ৰূপে বিশ্বনাথ মহাবিদ্যালয়ৰ অনন্ত বৰঠাকুৰক সম্পাদক হিচাপে লৈ মুঠ ১৩ জনীয়া কমিটি গঠন কৰা হয়।সভাত ৰঙাপৰা মহাবিদ্যালয়ৰ জেষ্ঠ অধ্যাপক হৰেন্দ্ৰ কুমাৰ ডেকা,ঋৃষিৰাজ ছেত্ৰী,মহাবিদ্যালয় শিক্ষক গোটৰ সভাপতি সম্পাদক ক্ৰমে ড. মমতা বৰঠাকুৰ,দীপেন্দ্ৰ শৰ্মা,মুখ্য গাণনিক লক্ষিধৰ দাসক সম্বৰ্ধনা জনোৱা হয়।মহাবিদ্যালয়ৰ বড়ো বিভাগৰ মুৰব্বী প্ৰশান্ত বড়োয়ে আতধৰা অনুষ্ঠানটিৰ উদ্দেশ্য বাখ্যা কৰে জিলা কলেজ কৰ্মচাৰী সন্থাৰ সম্পাদক নৱকুমাৰ গোস্বামীয়ে।

You might also like