নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্মুখত দীপাৱলীঃ নগাঁৱত মাটিৰ চাকিৰ চাহিদা হ্ৰাস

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো তিনিটা দিন। দীপাৱলীক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এক উৎসৱ মুখৰ পৰিবেশ । অৱশ্যে কভিড কালীন পৰিস্থিতি, পৰিৱৰ্তিত পৰিস্থিতি আৰু মূল্যবৃদ্ধিয়ে দীপাৱলী উৎসৱত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। এই উৎসৱৰ দিনা ঘৰ,ব্যৱসায়ীক প্ৰতিষ্ঠান আদি সকলোতে বন্তি প্ৰজ্বলন কৰা হয় । বহুতে মমবাতিও জ্বলাই। বন্তি প্ৰজ্বলনৰ বাবে প্ৰয়োজন হৈ বৃহৎ পৰিমাণৰ মাটিচাকি। এই সময়ছোৱাত মাটিচাকি প্ৰস্তুত কৰিবৰ বাবে মৃৎশিল্পী সকল ব্যস্ত হৈ পৰে। জিলাখনৰ হয়বৰগাঁও, পানীগাঁও চাৰিআলি, ননৈকুমাৰ গাঁও, শেনচোৱা, ঘাহি আদি বিভিন্ন স্থানত মৃৎশিল্পীসকলে মাটি চাকি তৈয়াৰ কৰাত ব্যস্ত হৈ আছে যদিও বিগত বৰ্ষ সমূহৰ তুলনাত এইবাৰ মাটিৰ চাকি চাহিদা হ্ৰাস পাইছে।জিলাখনত দুই শতাধিক পৰিয়াল এই শিল্পৰ লগত জড়িত হৈ আছে।

কভিড জনিত পৰিস্থিতি আৰু মূল্যবৃদ্ধিয়ে মৃৎশিল্পীসকলৰ সন্মুখত প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে।দীপাৱলীত চাকি জ্বলাবৰ বাবে প্ৰয়োজন হয় বুজন পৰিমাণৰ মিঠাতেলৰ । বৰ্তমান নগাঁৱৰ বজাৰত প্ৰতিলিটাৰ মিঠাতেলৰ দাম ১৯৫ -২২০ টকা। মিঠাতেলৰ অত্যাধিক দামৰ বাবে এইবাৰ পূৰ্বৰ দৰে ঘৰ, ব্যৱসায়ী প্ৰতিষ্ঠান আদিত মিঠাতেলৰ চাকি জ্বলাৰ সম্ভাৱনা নাই। এগৰাকী মৃৎশিল্পীয়ে – জনোৱা মতে আমি পৰম্পৰা ৰক্ষা কৰি প্ৰতি বছৰে মাটিৰ চাকি প্ৰস্তুত কৰি আহিছো । ইয়াৰ জৰিয়তে আমি পৰিয়াল পোহপাল দি আহিছো । বিশেষকৈ শাৰদীয় দুৰ্গাৰ পূজা সময়ৰ পৰা দীপাৱলী উৎসৱৰ সময়লৈকে মাটিচাকিৰ চাহিদা বৃদ্ধি পায়। আমাৰ মাটি চাকি জিলাখনৰ বিভিন্ন স্থানৰ লোকে ক্ৰয় কৰি লৈ যায়।এইবাৰ গ্ৰাহকে মাটি চাকিৰ বাবে আগতীয়া বনবস্ত কৰা নাই । যাৰ বাবে পূৰ্বৰ তুলনাত মাটি চাকিৰ বিক্ৰী কম হৈছে ।

আনহাতে মাটিচাকি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় মাটিৰ দামো বৃদ্ধি হৈছে ।মিঠাতেলৰ দাম বৃদ্ধি হোৱাত গ্ৰাহকে এইবাৰ মাটিৰ চাকি সৰু হোৱাটো বিচাৰিছে। কভিড সৃষ্ট পৰিস্থিতিৰ বাবে এই থলুৱা শিল্প প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ।মাটি চাকি জ্বলোৱাত এক আধ্যাত্মিক , পূৰ্বপুৰুষীয়া ৰীতি নীতি আৰু বিভিন্ন বৈজ্ঞানিক দৃষ্টি ভংগী জড়িত হৈ আছে। তদুপৰি বহুতে দীপাৱলীৰ দিনা মাটি চাকি উপহাৰ দিয়ে। সেইবাবেও এই উৎসৱত মাটিৰ চাকি চাহিদা বেছি হয় ।কভিড পৰিস্থিতি আৰু মূল্যবৃদ্ধিয়ে মাটিৰ চাকিৰ চাহিদা হ্ৰাস কৰিছে। বিভিন্ন ৰং বিৰঙৰ লাইট, বৈদ্যুতিক চাকিয়ে নগাঁৱৰ বজাৰ দখল কৰিছে । কিন্তু মাটি চাকিৰ পোহৰৰ সৌন্দৰ্যক কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰি।বৈদ্যুতিক চাকি কেতিয়াও মাটিৰ চাকি বিকল্প হব নোৱাৰে । অসমৰ পৰম্পৰাগত এই শিল্প জীয়াই ৰাখিবৰ বাবে চৰকাৰে সহযোগিতা আগবঢ়োৱাটো সকলোৱে কামনা কৰিছে।

You might also like