সাৰেঙৰ দক্ষিণ চিনাকোনা হাইস্কুলত বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন
বিজ্ঞান ভৱনৰ বাবে ১০ লাখ অনুদান ঘোষণা ভবেন্দ্ৰ বড়োৰ
নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰী: খৈৰাবাৰী খণ্ড পৰ্যায়ত বিজ্ঞান আৰ্হিৰ লগতে চিত্ৰাংকন আৰু আকস্মিক বত্তৃতা প্ৰতিযোগিতা আৰ্যভট্ট কেন্দ্ৰৰ খৈৰাবাৰী খণ্ডৰ অধীনত আজি দিনজোৰা কাৰ্যসূচীৰে দক্ষিণ চিনাকোনা হাইস্কুলত অনুষ্ঠিত হৈ যায় । খৈৰাবাৰী খণ্ডৰ অধীনৰ বিদ্যাৰ্থীসকলৰ মাজত অনুষ্ঠিত এই বিজ্ঞান আৰ্হিৰ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে পিংকু বড়োই। আনহাতে দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় ক্ৰমে পৰিস্মিতা ডেকা আৰু ভাস্কৰ ৰাজবংশীয়ে । চিত্ৰাংকণ প্ৰতিযোগিতাত ১ম, ২য় আৰু ৩য় স্থান দখল কৰে ক্ৰমে লিঠুমা বড়ো, মৃদুল বড়ো আৰু ভাস্কৰ ৰাজবংশীয়ে ।
ইপিনে কৰিষ্মা দাস, মীনা বিশ্বাস আৰু জৌংসাৰ বড়োই ক্ৰমে ১ম, ২য় আৰু ৩য় স্থান কৰিবলৈ সক্ষম হয় বক্তৃতা প্ৰতিযোগিতাত । অনুষ্ঠানত খৈৰাবাৰী উন্নয়ন খণ্ডৰ অধীনৰ প্ৰায় ৩০ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শন কৰা হয় ৷ দক্ষিণ চিনাকোনা হাইস্কুলৰ প্ৰধান শিক্ষক তথা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, খৈৰাবাৰীৰ সভাপতি প্ৰবীন শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত এই প্ৰতিযোগিতা উদ্বোধন কৰে বিটিচিৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ সদস্য ভবেন্দ্ৰ চন্দ্ৰ বড়োই ৷ প্ৰতিযোগিতা উদ্বোধন কৰি বি টি চিৰ পৰিষদীয় সদস্যগৰাকীয়ে বিজ্ঞান ভৱন আৰু সীমা বেৰ নিৰ্মাণৰ বাবে ১০ লাখ টকাৰ অনুদান দিয়াৰ কথা ঘোষণা কৰে । বিদ্যালয়খনৰ বিদ্যাৰ্থীসকলৰ দ্বাৰা পৰিৱেশিত সমবেত সংগীতেৰে আৰম্ভ কৰা উক্ত অনুষ্ঠানত আৰ্যভট্ট কেন্দ্ৰৰ ওদালগুৰি জিলা সমন্বয়ক বিশিষ্ট সাংবাদিক জয়ন্ত কুমাৰ দাস, চিনাকোনা হাইস্কুলৰ প্ৰধান শিক্ষক গজেন স্বৰ্গিয়াৰী.অৱসৰী প্ৰধান শিক্ষক হৰেন্দ্ৰ নাথ শৰ্মা, চক্ৰ বিষয়া অৰূপ চৌধুৰীকে ধৰি ভালে সংখ্যক নেতৃস্থানীয় লোক উপস্থিত থাকে ।