নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও জিলাত কভিডৰ সংক্ৰমন বৃদ্ধি; আজিৰ দিনটোত ১৮ জন আক্ৰান্ত

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰী: নগাঁও জিলাত সম্প্ৰতি কভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। নগাঁও জিলা স্বাস্থ্য বিভাগৰ সুত্ৰই প্ৰকাশ কৰা মতে- আজি জিলাখনৰ ৯৯৪ গৰাকী লোকৰ আৰ এ এটি আৰু ৪৮ গৰাকী লোকৰ আৰ টি পি চি আৰ টেষ্ট কৰাৰ অন্তত ১৮ গৰাকী লোকৰ দেহত কভিড-১৯ৰ অৱস্থিতি পোহৰলৈ আহিছে। ইয়াকে লৈ জিলা খনত ৩৯ গৰাকী লোক কভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে, নগাঁও জিলাত অতি সম্প্ৰতি কভিড-১৯তৰ অধিক হাৰত সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত উদ্বিগ্নতাৰ সৃষ্টি কৰিছে। আজিৰ দিনটোত কেৱল নগাঁও চহৰখনতে পুনৰ নজনকৈ লোকৰ দেহত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি ৷ ইয়াৰে এগৰাকী ১৮ বছৰ বয়সৰ ছাত্ৰ ৷ কভিড আক্ৰান্ত ছাত্ৰগৰাকীক নগাঁও ৰামানুজন জুনিয়ৰ কলেজৰ প্ৰথম বৰ্ষৰ ছাত্ৰ বুলি জানিব পৰা গৈছে ৷ ক’ভিডত আক্ৰান্ত হোৱাৰ বাবে নলবাৰীৰ ছাত্ৰগৰাকীক নিজৰ পৰিয়ালৰ লোকে হ’ম আইচ’লেচনত ৰখাৰ বাবে লৈ যোৱা বুলি কলেজ কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷ কলেজ খনৰ আন কেইবাজনো ছাত্ৰ কভিডত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে ৷

আনহাতে আক্ৰান্ত আন সাত জনৰে এগৰাকী নগাঁও চহৰৰ সমীপবৰ্তী কাটিমাৰীৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ শিবিৰৰ কতৰ্ব্যৰত জোৱান৷ জোৱানগৰাকীকো চিআৰপিএফ বাহিনীটোৰ কৰ্তৃপক্ষই নিজৰ চিকিৎসালয়তে আইচ’লেচনত ৰখাৰ ব্যৱস্থা কৰিছে বুলি প্ৰকাশ কৰিছে ৷ জানিব পৰা মতে, উক্ত কভিড আক্ৰান্ত জোৱান গৰাকীৰ ভ্ৰমণ বৃত্তান্ত অনুসৰি বৰ্হি ৰাজ্যৰ পৰা কেইদিনমান আগতে নগাঁৱলৈ আহিছিল ৷ ইতিমধ্যে জোৱানগৰাকীৰ অ’মিইক্ৰণ পৰীক্ষাৰো ব্যৱস্থা কৰা হৈছে বুলিও জানিব পৰা গৈছে ৷ আনহাতে, ক’ভিডত আক্ৰান্ত চহৰখনৰ খ্ৰীষ্টানপট্টিৰ তিনিগৰাকী ব্যক্তিৰ লগতে এক্সিছ বেংকৰ চাৰি গৰাকী ব্যক্তিৰ দেহটো কভিডত অৱস্থিতি পোহৰলৈ অহাত কেইগৰাকীকে ক’ভিড চিকিৎসালয়ত চিকিৎসাধীন কৰোৱা হৈছে ৷

You might also like