সুঁতীমুখ প্ৰাথমিক বিদ্যালয়ত শৈশিক পৰিবেশ বিনষ্ট; মাটিত বহি পাঠ গ্ৰহণ কৰে শিক্ষাৰ্থীয়ে
নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ: লখিমপুৰ জিলাৰ ঢকুৱাখনা প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তগত সূঁতীমুখ প্ৰাথমিক বিদ্যালয়ত বিদ্যালয়ৰ আন্তঃগাঁথনি অভাৱ, শিক্ষক কৰ্মচাৰীৰ অনিয়মীয়া উপস্থিতি আৰু বিদ্যালয়ৰ আচবাবৰ অভাৱত বিনষ্ট হৈছে শৈশিক পৰিবেশ ৷ ঢকুৱাখনা প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তগত প্ৰায় চাৰি কুৰি কণ কণ শিক্ষাৰ্থীয়ে সোণালী জীৱনৰ সপোন ৰঁচা বিদ্যালয় খনত শিক্ষকৰ অনিয়মীয়া উপস্থিতিৰ সমান্তৰালভাৱে নাই শ্ৰেণী কোঠাৰ অনুসৰি ছাত্ৰছাত্ৰীৰ অনুপাতে বেঞ্চ-ডেক্স ৷ ফলত কেৱল মাত্ৰ দুটা শ্ৰেণী কোঠাত( চতুৰ্থ আৰু পঞ্চম ) ৪ জোৰকৈ ৮ জোৰ বেঞ্চ ডেক্স থকা বিদ্যালয় খনত ৮০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে ৫ গৰাকীকৈ ( প্ৰধান শিক্ষক সহ ) শিক্ষক নিয়োজিত হৈ আছে যদিও বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত প্ৰধান শিক্ষক দেবেশ্বৰ হাজৰিকাৰ বাদে কোনো শিক্ষকেই উপস্থিত নাথাকে বুলিও অভিযোগ পোৱা গৈছে ৷
আনহাতে শিক্ষকসকলে সময়মতে বিদ্যালয়ত উপস্থিত নোহোৱাত আৰু বেঞ্চ ডেক্সৰ অভাৱত এজন শিক্ষকে এটা শ্ৰেণী কোঠাত পঞ্চম শ্ৰেণীৰ ছাত্ৰছাত্ৰী সকলক বেঞ্চত বহোৱাই আৰু ২য় শ্ৰেণীৰ ছাত্ৰছাত্ৰী সকলক মজিয়াত ঢাৰি পাৰি বা বস্তাত বহোৱাই একেটা শ্ৰেণী কোঠাতে দুটা শ্ৰেণীৰ ছাত্ৰছাত্ৰীক পাঠদান কৰাৰ বিপৰীতে আন এটা কোঠাত এজন সহ শিক্ষকে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰছাত্ৰী সকলক বেঞ্চত আৰু ত্তীয় শ্ৰেণীৰ ছাত্ৰছাত্ৰী সকলক মজীয়াত আৰু আন এটা শ্ৰেণী কোঠাত দুটা শ্ৰেণীৰ কণ কণ ছাত্ৰছাত্ৰী সকলক মজীয়াতে বহোৱাই অনুৰূপ ধৰণেৰে এজন শিক্ষকেই একেলগে দুটা শ্ৰেণীৰ পাঠদান কৰিব লগা হোৱাত উপযুক্ত শিক্ষা লাভৰ পৰা ছাত্ৰছাত্ৰী সকল বঞ্চিত হোৱাৰ৷ অভিযোগ তুলিছে অভিভাৱক সকলে ৷
বিদ্যালয়খনত ছাত্ৰছাত্ৰীৰ অনুপাতে ৬টা শ্ৰেণীৰ বিপৰীতে ৫ গৰাকীকৈ শিক্ষক থকাৰ পিছতো শিক্ষক সকলৰ অনিয়মীয়া আৰু পলমকৈ বিদ্যালয়ত উপস্থিত হোৱা নীতিৰ বাবেই এগৰাকী শিক্ষকে এটা শ্ৰেণীকোঠাত দুটাকৈ শ্ৰেণীৰ ছাত্ৰছাত্ৰীক পাঠদান দিব লগা হৈছে বুলিও অভিযোগ তুলিছে ৷ তদুপৰি বিদ্যালয়খনত আন্তঃগাঁথনি উন্নয়নৰ বাবে নিয়মিতভাৱে চৰকাৰী অৰ্থ সাহায্য লাভ কৰি আহিছে যদিও শ্ৰেণী কোঠা আৰু ছাত্ৰছাত্ৰীৰ অনুপাতে বেঞ্চ ডেক্সৰ অভাৱৰ লগতে বিদ্যালয়ৰ আন্তঃগাঁথনি অভাৱত বিনষ্ট হোৱা শৈশিক পৰিবেশ প্ৰতক্ষ্য কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষা বিষয়া বা বিভাগীয় বৰমুৰীয়া সকলৰ সময় উলাবনে বুলিও প্ৰশ্ন উল্থাপন কৰি এই ক্ষেত্ৰত মহকুমা প্ৰশাসনৰ হস্তক্ষেপৰো দাবী তুলিছে বিদ্যালয়ৰ ছাত্ৰছাত্ৰীৰ অভিভাৱক সকলৰ লগতে শিক্ষানুৰাগী ৰাইজে ৷