নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰৰ কেবিনেট

কোকৰাঝাৰত যোৱা ৬ ছেপ্ঢেম্বৰত অনুষ্ঠিত  অসম চৰকাৰৰ কেবিনেট বৈঠকখনে বিশেষ তাৎপর্য বহন কৰিছে৷ ইতিমধ্যে সংবাদ মাধ্যমত কেবিনেট বৈঠকখনত লোৱা বিভিন্ন সিদ্ধান্ত প্রকাশ পাইছে৷  সেয়া ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ নিয়মীয়া কর্মসূচীৰ অন্তর্গত বিষয়৷ কিন্তু আমি আজি অন্য এক প্রসংগহে উল্লেখ কৰিব বিচাৰিছোঁ৷ নিয়মীয়া সংবাদৰ মাজত হেৰাই যোৱা আন এক ইতিহাস উল্লেখ কৰিব বিচাৰিছোঁ৷ তেতিয়া সময় অসম গণ পৰিষদৰ প্রথম কার্যকাল৷ অসম আন্দোলনৰ পৰিসমাপ্তিত দিছপুৰত গঠন হোৱা নতুন চৰকাৰৰ শাসনত অসমীয়া জাতীয়তাবাদৰ নামত আৰম্ভ হৈছিল উগ্র জাত্যাভিমানৰ৷ সদৌ বড়ো ছাত্র সন্থা অর্থাৎ এবছুৰ সভাপতি উপেন্দ্রনাথ ব্রহ্ম৷ উপেন্দ্রনাথ ব্রহ্ম আছিল অসম আন্দোলনৰ অন্যতম সমর্থক তথা আন্দোলনৰ আগশাৰীৰ কর্মী৷ অসম আন্দোলনৰ নেতৃবৃন্দই অসম গণ পৰিষদ চৰকাৰ গঠনৰ পাছত দিছপুৰত শাসনৰ বাঘজৰী হাতত লৈছে৷ এবছুৰ সভাপতি হিচাপে উপেন্দ্রনাথ ব্রহ্মই বড়ো ছাত্র সমাজৰ বিভিন্ন দাবীসম্বলিত স্মাৰক–পত্র লৈ সাক্ষাতৰ বাবে আহিছিল মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত আৰু গৃহমন্ত্রী ভৃগু কুমাৰ ফুকনক৷ দুয়োৰে সৈতে ব্যক্তিগত চিনাকিও আছিল উপেন্দ্রনাথ ব্রহ্মৰ৷ সাক্ষাৎ বিচাৰি উপেন্দ্রনাথ ব্রহ্মই গুৱাহাটীত বাহৰ পাতিবলগীয়া হ’ল৷ তথাপি সাক্ষাৎ নাপালে মুখ্যমন্ত্রী–গৃহমন্ত্৷ এনেদৰে এবাৰ–দুবাৰ নহয়, তিনিবাৰ এবছুৰ সজাঁতী দল লৈ মুখ্যমন্ত্রী–গৃহমন্ত্ সাক্ষাৎ বিচাৰি অহা উপেন্দ্রনাথ ব্রহ্ম বিমুখ হ’ল৷ অসমীয়া জাতীয়তাবাদৰ ধ্বজাবাহী অগপৰ যুৱ নেতৃত্বৰ তেতিয়া সময় নাই কোকৰাঝাৰৰ সদৌ বড়ো ছাত্র সন্থাৰ মর্মবেদনা কিছু সময়ৰ বাবে হ’লেও শুনাৰ, উপলব্ধি কৰাৰ৷ জানিব বিচৰাটো কথাই নাহে৷ তৃতীয়বাৰৰ বাবে প্রফুল্ল কুমাৰ মহন্ত–ভৃগু কুমাৰ ফুকনক সাক্ষাতত বিমুখ হৈ কোকৰাঝাৰলৈ উভতি যোৱা উপেন্দ্রনাথ ব্রহ্মই গুৱাহাটী এৰাৰ সময়ত সংবাদ মাধ্যমৰ দুজন সহমর্মী সম্পাদকক কৈ গৈছিল– আমি আৰু দিছপুৰলৈ নাহোঁ, প্রয়োজনত দিছপুৰ কোকৰাঝাৰলৈ যাব লাগিব৷ সেয়াই আৰম্ভণি৷ সেই দিনটো আছিল প্রকৃততে অসমৰ বাবে এক অভিশপ্ত দিন৷ বৃহৎ অসমীয়া জাতি গঠন প্রক্রিয়াৰ  কফিনটোত শেষ গজালটো মাৰিছিল উপেন্দ্রনাথ ব্রহ্মই৷ অৱশ্যে এই ব্যাখ্যা হয়তো ভুল ব্যাখ্যা হ’ব, কিয়নো ইয়াৰ বাবে বাধ্য কৰোৱা হৈছিল বড়ো ছাত্রনেতাজনক৷ ক্ষমতাত অধিষ্ঠিত উগ্র জাত্যাভিমানী অসমীয়া নেতৃত্বৰ এক সাধাৰণ ভুল৷ অদূৰদর্শী তথা অপৰিপক্ব চিন্তাই সেই দিনটোতে যতি পেলাইছিল বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্রিয়াটোত৷ অসমৰ ভূমিপুত্র বড়োসকলৰ মনগহ্বৰত জাগ্রত হৈ উঠিছিল তীব্র অসমীয়াবিদ্বেষ৷ উপেন্দ্রনাথ ব্রহ্মৰ নেতৃত্বত কোকৰাঝাৰৰ পৰা আৰম্ভ হৈছিল পৃথক বড়োলেণ্ডৰ দাবী৷ এবছুৰ আহ্বানত পৃথক ৰাজ্যৰ দাবীত কঁপি উঠিছিল ব্রহ্মপুত্রৰ উত্তৰ পাৰ৷ ডিভাইড আছাম ৫০–৫০ দাবীৰে উত্তাল হৈ উঠিছিল কোকৰাঝাৰ, ওদালগুৰি আদি বড়ো অধ্যুষিত অঞ্চল৷

পৃথক বড়ো ৰাজ্যৰ দাবীত উপেন্দ্রনাথ ব্রহ্ম আৰু কোনোদিনেই দিছপুৰলৈ নাহিল৷ কোকৰাঝাৰৰ পৰা ৰে’লেৰে অথবা শিলিগুৰিৰ পৰা উৰা মাৰিছিল দিল্লীলৈ৷ নর্থ ব্লক–ছাউথ ব্লকত বড়ো জাতিৰ দাবী সজোৰে উত্থাপন কৰিবলৈ সক্ষম হৈছিল উপেন্দ্রনাথ ব্রহ্ম নামৰ সেই ছাত্রনেতাজন৷ সমগ্র বড়ো জাতিক জগাই তুলিবলৈ সক্ষম হৈছিল উপেন্দ্রনাথ ব্রহ্ম৷ নিজৰ দাবীত অটল হৈ ৰোৱা উপেন্দ্রনাথ ব্রহ্মই আনকি তেতিয়াৰ কেন্দ্রীয় মন্ত্রী ৰামবিলাস পাছোৱানে এখন জিলাৰে কিদৰে এখন সুকীয়া ৰাজ্য হ’ব বুলি কৰা প্রশ্ণৰ উত্তৰ দি উপেন্দ্রনাথ ব্রহ্মই আলোচনাৰ মেজত কৈছিল– আপুনি এই প্রশ্ণ কোকৰাঝাৰত বড়ো জাতিক সুধিব লাগিব৷ তাৰ পাছত কোকৰাঝাৰৰ দেৱৰগাঁৱত অনুষ্ঠিত বড়ো আন্দোলনৰ এক গণ সমাৱেশলৈ উপেন্দ্রনাথ ব্রহ্মই আমন্ত্রণ জনাইছিল মন্ত্রী পাছোৱানক৷ প্রায় দুই লক্ষ সুশৃংখলিত বড়ো জনতাৰ সন্মুখত ভাষণ দিবলৈ উঠি ৰামবিলাস পাছোৱানে ক’বলৈ বাধ্য হৈছিল দেশৰ কোনো প্রান্তত মই এনে সুশৃংখলিত জনগোষ্ঠীয় আন্দোলন প্রত্যক্ষ কৰা নাই৷ সেয়াই আছিল উপেন্দ্রনাথ ব্রহ্মৰ কৃতিত্ব৷ এটা জাতিক স্বকীয় অধিকাৰৰ প্রশ্ণত জগাই তুলিব পৰা দূৰদর্শী নেতৃত্বত৷ অৱশ্যে পৰৱর্তী সময়ত বড়ো আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰিলে অথবা বিভিন্ন ঘটনা–পৰিঘটনাৰে ৰক্তাক্ত হ’ল বড়োভূমি৷ সেয়া এক অন্য অধ্যায়৷ কিন্তু উপেন্দ্রনাথ ব্রহ্ম নামৰ ছাত্রনেতাজনে সমগ্র বড়ো জাতিটোক যিদৰে জগাই থৈ গ’ল তাৰ বিনিময়তে প্রথমে বড়োলেণ্ড অটোন’মাছ কাউন্সিল, পাছত বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিল আৰু এতিয়া বড়োলেণ্ড টেৰিট’ৰিয়েলে ৰিজি’নেল বড়োভূমিত বিকাশৰ এক নতুন অধ্যায়ৰ সূচনা কৰিলে৷ সমগ্র বড়ো জাতিক স্বাধিকাৰৰ প্রশ্ণত এক সুকীয়া পৰিচয় দিলে৷ তাৰ পাছত লুইত আৰু গৌৰাংগৰ বুকুৱেদি বহু পানী বৈ গ’ল৷ বহু ৰক্তাক্ত ইতিহাসৰ সূচনা হ’ল৷ আৰু যোৱা ৬ ছেপ্ঢেম্বৰৰ কেবিনেট বৈঠকৰ পূর্বে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বডোফা উপেন্দ্রনাথ ব্রহ্মৰ প্রতিমূর্তিত শ্রদ্ধা জনাই প্রয়াত নেতাজনৰ পৰিয়ালবর্গক সাক্ষাৎ কৰিলে৷ প্রফুল্ল কুমাৰ মহন্তই অসমীয়া উগ্র জাত্যাভিমানেৰে বৃহৎ অসমীয়া জাতি গঠনৰ প্রক্রিয়াৰ ছিঙি দিয়া একতাৰ ৰছীডাল যেন পুনৰ গাঁঠি দিলে ড০ হিমন্ত বিশ্ব শর্মাই৷ উগ্র জাতীয়তাবাদী চিন্তাৰ প্রায়শ্চিত্ত কৰি ৰাষ্ট্রবাদী নেতা ড০ শর্মাই সমগ্র বড়ো জাতিলৈ যি ইতিবাচক বার্তা প্রেৰণ কৰিলে সেই বার্তাৰ পর্যালোচনা বড়ো জাতিৰ সময়ৰ ইতিহাসে সঠিক সময়ত নিশ্চয়কৈ কৰিব৷

You might also like