নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বৰাজ উদযাপন সমিতিৰ উদ্যোগত ধুবুৰীত ‘অখণ্ড ভাৰত দিৱস’ৰ বিশেষ কাৰ্য্যসূচীৰ আয়োজন

নিয়মীয়া বাৰ্তা,১৪ আগষ্ট: ৭৫ সংখ্যক স্বৰাজ উদযাপনৰ বৰ্ষজোৰা উদযাপনৰ সৈতে সংগতি ৰাখি ধুবুৰীত স্বৰাজ উদযাপন সমিতিয়ে হাতত লোৱা বিভিন্ন কাৰ্য্যসূচীৰ অংগৰূপে আজি সন্ধিয়া ধুবুৰী চহৰৰ তেতুলতলাস্থ স্বামী বিবেকানন্দ প্ৰতিমূৰ্তিৰ সন্মুখত অনুষ্ঠিত হয় ‘অখণ্ড ভাৰত দিৱস’ৰ এক বিশেষ কাৰ্য্যসূচী। ধুবুৰীৰ ঐতিহ্যমণ্ডিত ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰ প্ৰাপ্ত মুৰব্বী অধ্যাপক ড৹ দ্বীপেন অধিকাৰীয়ে বন্তি প্ৰজ্বলন কৰি আজিৰ সেই কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে। ‘অখণ্ড ভাৰত দিৱস’ৰ কাৰ্য্যসূচীৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হোৱা এখন মুকলি সভাত অখণ্ড ভাৰতৰ ইতিহাসৰ ওপৰত আলোকপাত কৰি এক মনোজ্ঞ ভাষণ প্ৰদান কৰে স্বৰাজ উদযাপন সমিতিৰ সংযোজক কল্যাণ পুৰকায়স্থই। অনুষ্ঠানটোত প্ৰজেক্ট’ৰ যোগে অখণ্ড ভাৰতৰ কিদৰে বিভাজন ঘটে তাৰ ওপৰত আলোকপাত কৰি এটা চমু তথ্য চিত্ৰও পৰিৱেশিত হয়। সভাখনত ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ধ্ৰুব চক্ৰৱৰ্তী প্ৰমুখ্যে স্থানীয় মান্যগণ্য ব্যক্তি আৰু ৰাইজ উপস্থিত আছিল। উল্লেখ্য যে, স্বৰাজ উদযাপন সমিতিৰ উদ্যোগত যোৱাকালি পুৱা ধুবুৰী চহৰৰ ঐতিহ্যমণ্ডিত  নেতাই ধুবুনী পাৰঘাটৰ সমীপস্থ শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিমূৰ্তিৰ সন্মুখৰ পৰা অনুষ্ঠিত হয় এক ‘ত্ৰিৰংগা চাইকেল যাত্ৰা’। ধুবুৰীৰ উপায়ুক্ত অন্বামুথন এম পিয়ে আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰা সেই চাইকেল যাত্ৰাৰে উদযাপন সমিতিয়ে চহৰখনৰ মুঠ ১৬টা ৱাৰ্ড ৰাইজৰ মাজত দেশৰ স্বাধীনতাৰ পৰা স্বতন্ত্ৰতাৰ যাত্ৰাৰ ওপৰত  চহৰখনৰ ৰাইজৰ মাজত ওপৰত সচেতনতা বৃদ্ধি কৰাৰ প্ৰয়াস চলায় । আনহাতে, অহাকালি স্বাধীনতা দিৱসৰ  সন্ধিয়া ৬ বজাত ধুবুৰীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এক বিশেষ বৌদ্ধিক কাৰ্য্যক্ৰমত   ভাৰতীয় কিষাণ সংঘৰ অসম প্ৰান্তৰ প্ৰান্ত সংগঠন মন্ত্ৰী কৃষ্ণকান্ত বৰাই বৌদ্ধিক প্ৰদান কৰিব বুলি স্বৰাজ উদযাপন সমিতিৰ তৰফৰ পৰা জনোৱা হৈছে।

You might also like