নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফেৰী শোভাযাত্ৰাৰে মহাবাহুৰ বুকুত ত্ৰিৰংগাৰ লহৰ : কমলাবাৰী ফেৰীঘাটত ‘মহাবাহু ব্ৰহ্মপুত্ৰ’ শীৰ্ষক’ ফেৰী শোভাযাত্ৰা

 

নিয়মীয়া বাৰ্তা ,১৪,আগষ্ট:দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস এইবাৰ আজাদী কা অমৃত মহোৎসৱ হিচাপে দেশবাসীয়ে পালন কৰিছে। সমান্তৰালভাৱে উদযাপনৰ অংশ হিচাপে মাজুলীতো বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। সেই অনুসৰি প্ৰতিজন ভাৰতীয়ক দেশপ্ৰেমৰ অনুভূতি জগাই তোলাৰ বাবে মাজুলীত আজি ”মহাবাহু ব্ৰহ্মপুত্ৰ” শীৰ্ষক ফেৰী শোভাযাত্ৰা বাহিৰ কৰে। মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত কমলাবাৰী ফেৰীঘাটত বিয়লি ৪.৩০ বজাত আৰম্ভ হোৱা এই কাৰ্যসূচীত একক ইঞ্জিনযুক্ত সাতখনকৈ ফেৰীয়ে অংশগ্ৰহণ কৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত ত্ৰিৰংগাৰ লহৰ তোলে। উক্ত শোভাযাত্ৰাকাৰী ফেৰীসমূহে কমলাবাৰী ফেৰীঘাটৰ পৰা যাত্ৰা আৰম্ভ কৰি নিমাতি দিশলৈ প্ৰায় ব্ৰহ্মপুত্ৰৰ মাজ অংশলৈ আগবাঢ়ি গৈ এই শোভাযাত্ৰা বাহিৰ কৰে।ফেৰীসমূহত দেশৰ স্বাভিমান তথা ঐক্যতাৰ প্ৰতীক ত্ৰিৰংগা পতাকা উৰুৱাই মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত উজলি উঠা এক নান্দনিক পৰিৱেশৰ মাজত শোভাবৰ্ধন হৈ উঠে কমলাবাৰী ফেৰীঘাটৰ চৌপাশ। বতাহৰ মাজত উৰি থকা ত্ৰিৰংগাৰ এক অভূতপূৰ্ব পৰিৱেশে সকলোৰে মন প্ৰাণ পুলকিত কৰি তোলে। ইফালে ৰাজ্য চৰকাৰে ঘোষণা কৰা ১৩ -১৫ আগষ্টলৈকে আজাদী কা অমৃত মহোৎসৱৰ কাৰ্যসূচী মাজুলীৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, চৰকাৰী কাৰ্যালয়, ব্যক্তিগত প্ৰতিষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান তথা মাজুলীবাসীয়ে ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলনেৰে কাৰ্যসূচী সফল কৰি তোলা পৰিলক্ষিত হৈছে। আজিৰ শোভাযাত্ৰা কাৰ্যসূচীত মাজুলীৰ স্হানীয় বিধায়ক ভূৱন গাম,উপায়ুক্ত পুলক মহন্ত, আৰক্ষী অধীক্ষক গৌতম বৰা, মাজুলী জিলা বিজেপি সভাপতি বিৰেন শইকীয়াকে ধৰি শতাধিক লোকে অংশগ্ৰহণ কৰে ৷

You might also like