নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বৰাজ উদযাপন সমিতিৰ উদ্যোগত ধুবুৰীত তিনিদিনীয়া কাৰ্য্যক্ৰমৰ আয়োজন

নিয়মীয়া বাৰ্তা, ১০ আগষ্টঃ ৭৫ সংখ্যক স্বৰাজ উদযাপনৰ বৰ্ষজোৰা উদযাপনৰ সৈতে সংগতি ৰাখি অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ধুবুৰীত স্বৰাজ উদযাপন সমিতিৰ উদ্যোগত হাতত লোৱা হৈছে বিভিন্ন কাৰ্যক্ৰম। সেই অনুসৰি অহা ১৩ আগষ্টৰ পুৱা ৬ বজাত ধুবুৰী চহৰৰ ঐতিহ্যমণ্ডিত নেতাই ধুবুনী পাৰঘাটৰ সমীপৰ শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিমূৰ্তিৰ সমীপৰ পৰা আয়োজন কৰা হৈছে এক বিশেষ চাইকেল যাত্ৰাৰ। চহৰখনৰ মুঠ ১৬টা ৱাৰ্ড সাঙুৰি যাত্ৰা কৰিবলগীয়া সেই চাইকেল ৰেলীৰে দেশৰ স্বাধীনতাৰ পৰা স্বতন্ত্ৰতাৰ যাত্ৰাৰ ওপৰত চহৰখনৰ ৰাইজৰ মাজত ওপৰত সচেতনতা বৃদ্ধি কৰাৰ প্ৰয়াস কৰা হ’ব। পিছদিনা, অৰ্থ্যাৎ ১৪ আগষ্টৰ সন্ধিয়া চহৰখনৰ মাজমজিয়াৰ তেতুলতলাত থকা স্বামী বিবেকানন্দ প্ৰতিমূৰ্তিৰ সন্মুখত পালন কৰা হ’ব ‘অখণ্ড ভাৰত’ দিৱস। আনহাতে, অহা ১৫ আগষ্টৰ সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’ব এক বিশেষ বৌদ্ধিক কাৰ্য্যক্ৰম। ধুবুৰীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া সিদিনাৰ সেই বিশেষ কাৰ্য্যসূচীত ভাৰতীয় কিষাণ সংঘৰ অসম প্ৰান্তৰ প্ৰান্ত সংগঠন মন্ত্ৰী কৃষ্ণকান্ত বৰাই বৌদ্ধিক প্ৰদান কৰিব বুলি স্বৰাজ উদযাপন সমিতিৰ তৰফৰ পৰা জনোৱা হৈছে।

You might also like