নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“হৰ ঘৰ ত্ৰিৰংগা” কাৰ্য্যসূচী সফল কৰাৰ উদ্দেশ্যেৰে ধুবুৰীত বিজেপিৰ বিশাল বাইক ৰেলি

নিয়মীয়া বাৰ্তা, ১০ আগষ্টঃ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে আজি বিজেপিৰ ধুবুৰী টাউন মণ্ডল তথা ঝগৰাৰপাৰ আৰু ধৰ্মশালা মণ্ডলৰ সহযোগত ধুবুৰী বিধানসভা সমষ্টিত এক বিশাল বাইক ৰেলি অনুষ্ঠিত হয়। ধুবুৰী চহৰৰ বিজেপিৰ জিলা কাৰ্য্যালয়ৰ সমীপৰ পৰা আৰম্ভ হোৱা সেই ৰেলিটো বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলেদি পৰিভ্ৰমি পুনৰ তেতুলতলাস্থ দলীয় কাৰ্য্যালয়ত উপস্থিত হোৱাৰ পিছত আজিৰ সেই বিশেষ কাৰ্য্যসূচীৰ অন্ত পৰে। ‘‘আজাদী কি অমৃত মহেৎসৱ’ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰৰ ‘‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্য্যসূচীৰ বিষয়ে ধুবুৰী বিধানসভা সমষ্টিৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ আয়োজিত আজিৰ এই বাইক ৰেলিটোত জিলা বিজেপিৰ সভাপতি প্ৰসেনজিৎ দত্ত, ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ডা৹ দেৱময় সান্ন্যাল, যুৱমৰ্চাৰ ধুবুৰী জিলা সভাপতি নিৰ্ম্যাল্য পাল প্ৰমুখ্যে দলটোৰ অন্যান্য স্থানীয় কাৰ্য্যকৰ্তা আৰু কৰ্মীয়ে অংশ লয়।

You might also like