নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰভোগৰ ভুলকাডোভাত অঘটনঃ ৰেলৰ খুন্দাত এজন যুৱকৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰ: সৰভোগৰ ভুলকাডোভাত ৰেলৰ খুন্দাত খৰিচালাৰ ঘূগুবাৰী গাৱৰ ছফিকুল ইছলাম নামৰ এজন ১৮ বছৰীয়া যুৱকৰ মৃত হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজ কৰিছে। জানিব পৰা মতে যুৱকজনে খৰিচালা বজাৰত এখন মটৰ চাইকেলৰ গেৰেজৰ দোকান আছে। গেৰেজৰ সামগ্ৰী অনাৰ বাবে আজি পুৱাৰ ভাগত সৰভোগৰ ভুলকাডোভাত গৈ এই ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হয় বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে।

ইতিমধ্যে যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফকৰ উদ্দিন আলী আহমেদ মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। অৱশ্যে আৰক্ষীয়ে মৃত্যুৰ কাৰণ বিচাৰি তদন্ত অৱ্যাহত ৰাখিছে।

Input: মফিদুল ইছলাম,কলগাছিয়া 

You might also like