নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিন্দু নিৰ্যাতনৰ প্ৰতিবাদত শিলচৰৰ ৰাজপথত বিশ্ব হিন্দু পৰিষদ ও বজৰং দলৰ সমদল

নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰ: চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত দুৰ্গা পূজাৰ অষ্টমীৰ দিনাৰ পৰা পূজাস্থলী আৰু মুৰ্তি ভাংচুৰ সহ সাম্প্ৰদায়িক পৰিস্থিতি আৰু হিন্দু উৎপীড়নৰ প্ৰতিবাদ জনাই সোমবাৰে ‌শিলচৰত বিশ্ব হিন্দু পৰিষদ ও বজৰং দলে এক বিশাল সমদল কৰি উত্তাল কৰি তুলে। এই দিনা বিশ্ব হিন্দু পৰিষদৰ দক্ষিণ পূৱ প্ৰান্ত আৰু শিলচৰ জিলা সমিতিৰ নেতৃত্বত সুভাষনগৰ খেলপথাৰৰ পৰা সমদল উলিয়ায় ডাক বাংলো পইণ্টৰ ক্ষুদিৰাম মূৰ্তিৰ পাদদেশত উপস্থিত হয়।

ভিএইচপিৰ নেতৃত্বত সমদলটোত বিভিন্ন হিন্দু সংগঠন, সাধাৰণ লোক আৰু ভাৰত সেবাশ্ৰমৰ মহাৰাজা স্বামী মৃণ্ময়ানন্দজীয়ে অংশগ্ৰহণ কৰে। ক্ষুদিৰাম বসুৰ প্ৰতিমূৰ্তিটোৰ পাদদেশত একত্ৰিত হৈ বিক্ষোভ প্ৰদৰ্শন কৰে আৰু পিছলৈ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত গৈ প্ৰতিবাদী শ্লোগান দিয়ে। বিশ্ব হিন্দু পৰিষদ দক্ষিণ পূৱ প্ৰান্ত সংগঠনৰ মন্ত্ৰী পূৰ্ণচন্দ্ৰ মণ্ডল, দক্ষিণ-পূব প্ৰান্ত সভাপতি শান্তনু নায়েক, বজৰং দলৰ মিথুন নাথ আৰু অন্যান্য নেতাসকলে প্ৰতিবাদী ভাষণ দিয়ে। তেওঁলোকে কয় , শ’ শ’ মন্দিৰ আৰু মূৰ্তি ভাঙচুৰৰ লগতে হিন্দু সকলৰ ওপৰত অত্যাচাৰ তেওঁলোকে মানি ল’ব নোৱাৰে। তেওঁলোকে বাংলাদেশৰ মৌলবাদীসকলক সতৰ্ক কৰি দিয়ে যে যদি তেওঁলোকে তাৎক্ষণিকভাৱে অত্যাচাৰ, মন্দিৰ ধ্বংস আৰু ঘৰ জ্বলোৱা বন্ধ নকৰে তেন্তে তেওঁলোকে নিজেই ব্যৱস্থা গ্ৰহণ কৰিব।

 কেন্দ্ৰীয় চৰকাৰে এই দুষ্কাৰ্য বন্ধ কৰিবলৈ বাংলাদেশ চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ আহ্বান জনায়। তেওঁলোকে কয়, যদি অত্যাচাৰ বন্ধ কৰা নহয়, তেন্তে বিশ্ব হিন্দু পৰিষদে বিভিন্ন সংগঠনৰ সৈতে বাংলাদেশলৈ পদযাত্ৰা কৰিবলৈ বাধ্য হ’ব। তদুপৰি বাংলাদেশত হিন্দুসকলক শূন্য কৰিব বিচাৰিলে মুছলমান সকলৰও অস্তিত্ব বিপদাপন্ন হ’ব। এই দিনা উক্ত কাৰ্যসূচীত হিন্দু জাগৰণ মঞ্চ, বজৰং দল, দুৰ্গা বাহিনী, বৃহত্তৰ অসম বঙালী উন্নয়ন সমিতি, শ্বহিদ কংকলতা মহিলা সমিতি, স্বামী বিবেকানন্দ যুৱ পৰিষদকে ধৰি বিভিন্ন সংগঠনৰ বিষয়াসকলে সমদলত অংশগ্ৰহণ কৰে। প্ৰতিবাদৰ পিছতে বিশ্ব হিন্দু পৰিষদৰ শিলচৰ জিলা সভাপতি দেবাশীষ সেনগুপ্তা আৰু সম্পাদক অসিত দত্তৰ নেতৃত্বত এটা প্ৰতিনিধি দলে জিলা উপায়ুক্তৰ মাৰফৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

You might also like