নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেট কামুৰিলে কি কৰিব

খাদ্যৰ কাৰণেও আমাৰ পেট কামোৰণি হ’ব পাৰে৷ কিন্তু পেট সম্পূর্ণ খালী হৈ থকা অৱস্থাতো পেটৰ কামোৰণি নোহোৱাকৈ নাথাকে৷ ভোকৰ সময়ত পাকস্থলীৰ পৰা ওলোৱা এচিডেই তাৰ প্রধান কাৰণ৷ বেছিভাগ পেট কামোৰণি কিছু সময়ৰ মূৰত আপোনা–আপুনি ভাল হৈ যায়৷ কিন্তু পেট কামোৰণিৰ সময়খিনি দীঘলীয়া হ’লে আৰু কষ্ট বেছি হ’লে কেইটামান প্রতিকাৰমূলক ব্যৱস্থা ল’ব পাৰি৷

  • খালী পেটত পেট কামোৰণি হ’লে তাৰ কাৰণ এচিডৰ বাহিৰে আন একো নহয়৷ গতিকে এটা বা দুটা এণ্টাচিড খালেই পেট কামোৰণিৰ সমস্যা দূৰ হ’ব৷
  • খালী পেটত হোৱা পেট কামোৰণিৰ কাৰণে যিকোনো এবিধ পাতলীয়া জলপান খালেই পেট কামোৰণি ভাল হ’ব৷ সহজে পোৱা তেনেকুৱা দুটা বস্তু হ’ল ক্রেকাৰ আৰু পকা কল৷ একাপ গৰম চাহ খালেও সাধাৰণ পেট কামোৰণি সোনকালে ভাল হয়৷ কিন্তু চাহকাপ বেছি গৰম হ’ব নালাগে৷ পেট কামোৰণি হৈ থকা অৱস্থাত বেছি ঠাণ্ডা বা বেছি গৰম কোনো বস্তুৱেই খাব নালাগে৷ পেট কামোৰণি যদি ২৪ ঘণ্টা বা তাতকৈ বেছি স্থায়ী হয়, তেন্তে ডাক্তৰৰ ওচৰলৈ নোযোৱাকৈ নাথাকিব৷
You might also like