নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত আলফাৰ যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰা যুৱক আটক

নিয়মীয়া বার্তা, ১৪ মে :- সামাজিক মাধ্যম যুগে আলফাত যোগদানৰ ইচ্ছা প্ৰকাশ কৰা এজন যুৱক আৰক্ষীয়ে আটক কৰে । মুছলিম যুৱকে আলফাত যোগদান কৰিব পাৰিব নেকি বুলি প্ৰশ্ন কৰি হোজাইৰ মোৰাঝাৰত আটক NSUI ৰ মোৰাঝাৰ শাখাৰ সভাপতি৷ ফেইচবুক যোগে আলফাত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল আব্দুল ইস্তাক নামৰ যুৱকজনে৷ যোৱা নিশা হোজাই জিলাক মোৰাঝাৰ থানাৰ অন্তৰ্গত হাতীশালিৰ পৰা আটক কৰা হয় যুৱকজনক৷ আলফাৰ অভিজিৎ অসমৰ লগত যোগাযোগ কৰি আলফাত যোগদানৰ ইচ্ছা প্ৰকাশ কৰিছিল এই যুৱকজনে৷ আলফাৰ এটি ভিডিঅ শ্বেয়াৰ কৰা বুলি আৰক্ষীয়ে মন্তব্য কৰে৷ ধৃত যুৱকজন NSUI ৰ মোৰাঝাৰ শাখাৰ সভাপতি বুলি তেওঁৰ ফেইচবুক প্ৰফাইলত উল্লেখ আছে৷ আলফাত কেনেদৰে যোগদান কৰিব লাগে সেই সন্দৰ্ভত ফেইচবুকৰ মেচেঞ্জাৰ যোগে কথা পতাৰ কথা হোজাইৰ চাইবাৰ চেলে ধৰিব পাৰে৷

হোজাই আৰক্ষীৰ তৎপৰতাত মোৰাঝাৰ আৰক্ষীয়ে যুবকজনক আটক কৰি হোজাই জিলা সদৰ শংকৰদেৱনগৰ আদালতত হাজিৰ কৰি চাৰিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ আনিছে৷ আনহাতে যুৱকজনে নিজে NSUI ৰ দায়িত্বত থকা বুলি স্বীকাৰ কৰিছে কিন্তু NSUI ৰ হোজাই জিলা সমিতিয়ে যুৱকজন NSUI ৰ নহয় বুলিহে মন্তব্য কৰে৷

You might also like